ৰঙিয়া,1ডিচেম্বৰঃ চৰকাৰী আঁচনিৰ খেলি-মেলিৰ ঘটনা কোনো নতুন নহয় ৷ সংবাদ মাধ্যমৰ বাতৰিৰ শীৰ্ষত থকা এটা চৰকাৰী বিভাগ হ'ল জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভাগটোৰ দুৰ্নীতি চলি থকাৰ সমান্তৰালকৈ ৰঙিয়াতো চৰম দুৰ্নীতি চলি থকাৰ কথা পোহৰলৈ আহিছে ৷ এই বিভাগটোৱে নিৰ্মাণ কৰা ৰঙিয়াৰ পানী যোগান আঁচনিৰ বেছিভাগেই বৰ্তমান বিকল অৱস্থাত আছে। তেনে এটা আঁচনি হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ ২নং তুলসীবাৰী পানী যোগান আঁচনি। 10 বছৰ পূৰ্বে আঁচনিখন নিৰ্মাণ কৰা হৈছে যদিও বৰ্তমানেও অঞ্চলবাসীয়ে এটুপি বিশুদ্ধ পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ নিৰ্মাণৰ পাছৰে পৰা বিকল হৈ থকা আঁচনিখনৰ যন্ত্ৰ-পাতিও এতিয়া নষ্ট হবলৈ ধৰিছে ৷ আনকি আঁচনিখনত বৰ্তমান বহু অনৈতিক কাৰ্য চলাৰ লগতে মদৰ আদ্দালৈ পৰিণত হৈছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ৷ আঁচনিখন সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সাংবাদিকে দৃশ্যগ্ৰহণ কৰি থকাৰ সময়ত কেমেৰাত বন্দী হয় ডেন্দ্ৰাইটৰ লগতে আৰু বহু মাদক দ্ৰব্য ৷
কি চলিছে ৰঙিয়া পানী যোগান আঁচনিত ! - ৰঙিয়াৰ তুলসীবাৰীৰ ২নং তুলসীবাৰী পানী যোগান আঁচনি
দহ বছৰ পূৰ্বে ৰঙিয়াত নিৰ্মাণ কৰা পানী যোগান আঁচনি বৰ্তমানেও হোৱা নাই কাৰ্যক্ষম ৷ বৰ্তমান আঁচনিখন পৰিণত হৈছে মদৰ আদ্দালৈ ৷
চৰম গাফিলতি ৰঙিয়া পানী যোগান আঁচনিত
অন্য এক খবৰৰ বাবে : বেলেষ্টিক মিচাইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰীক্ষণ সম্পন্ন
ইফালে,পূৰ্বৰ আঁচনিখন কাৰ্যক্ষম নকৰাকৈ পুনৰ সেই স্থানত আন এক সৌৰশক্তি চালিত আঁচনিৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে। কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা আঁচনিখনৰ কাম আৰম্ভ নকৰি পুনৰ আন এখন আঁচনি নিৰ্মাণ কৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷ বিভাগীয় কৰ্তৃপক্ষক আঁচনিখনৰ তদন্ত কৰিবলৈ দাবী স্থানীয় ৰাইজৰ ৷