অসম

assam

ETV Bharat / state

বন্দীত্বৰ ১৯ টা বছৰ, এহাল অসহায় পিতৃ মাতৃ - Rangiya Specially able girl news

ৰোগগ্ৰস্ত হোৱাৰ বাবে সম্পূৰ্ণৰূপে মানসিক বিকাশো নহ’ল বৰষাৰ ৷ যাৰ ফলত এটা কোঠাত মাক দেউতাকে অনিচ্ছা সত্বেও এইদৰে বন্দী কৰি ৰাখিবলগীয়া হ’ল নিজ সন্তানক ৷ সমনীয়াই কলেজত পঢ়া বয়সত বৰষাই কৰুণভাৱে বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হৈছে ৷

Rangiya Specially able girl is been locked in a room
বন্দীত্বৰ ১৯টা বছৰ,এহাল অসহায় পিতৃ মাতৃ

By

Published : Jan 24, 2020, 8:19 PM IST

ৰঙিয়া, 24 জানুৱাৰীঃ 19টা বছৰে এটা বন্ধ কোঠাত জীৱন কটাবলগীয়া হৈছে এগৰাকী কিশোৰীয়ে ৷ নাম বৰষা কলিতা ৷ দুবছৰ বয়সতেই অচিন ৰোগত আক্ৰান্ত হৈছিল বৰষা ৷ পিতৃ-মাতৃয়ে চিকিৎসাৰ বাবে লৈছিল বিভিন্ন ব্যৱস্থা ৷ কিন্তু সকলো অসাৰ হ’ল ৷ বৰষাৰ চিকিৎসা কৰি কৰি সৰ্বস্বান্ত হৈ পৰিল বৰষাৰ পিতৃ ধৰ্মেশ্বৰ কলিতা ৷

বন্দীত্বৰ ১৯টা বছৰ,এহাল অসহায় পিতৃ মাতৃ

আনহাতে, ৰোগগ্ৰস্ত হোৱা বাবে সম্পূৰ্ণৰূপে মানসিক বিকাশো নহ’ল বৰষাৰ ৷ যাৰ ফলত এটা কোঠাত মাক দেউতাকে অনিচ্ছা সত্বেও বন্দী কৰি ৰাখিবলগীয়া হ’ল নিজ সন্তানক ৷ সমনীয়াই কলেজত পঢ়া বয়সত বৰষাই কৰুণভাৱে বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হৈছে ৷ কিন্তু আজি পৰ্যন্ত অসহায় এই পৰিয়ালটোৱে বৰষাৰ চিকিৎসাৰ বাবে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ যাৰ ফলত এহাল পিতৃ মাতৃয়ে চকুৰ আগতে নিজৰ সন্তানৰ এনে দুৰ্দশা চাই দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷

লগতে পঢ়ক-শদিয়াত উগ্ৰপন্থীৰ সন্ধানত অসম আৰক্ষীৰ ব্যাপক অভিযান

ABOUT THE AUTHOR

...view details