ৰঙিয়া, 21অক্টোবৰ: সুৰা ব্যৱসায়ৰ সৈতে জৰিত হৈ আটক হ'ল স্বয়ং সেনা জোৱান ৷ দেওবাৰে অৰুণাচলৰ লিকাৱলিত কৰ্মৰত সেনাজোৱান এজনৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা । ৰঙিয়া জংচনত 3 টাকৈ ট্ৰাংকত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সুৰাৰ বটল । জানিব পৰা মতে সেনা, জোৱানজনে সুৰাখিনী অৰুণাচলৰ পৰা ৰে'ল যোগে ৰঙিয়ালৈ আনি পুনৰ ৰে'লযোগে মহাৰাষ্ট্ৰলৈ নিবলৈ পৰিকল্পনা কৰোতেই ৰঙিয়া ৰে'লৱে আৰক্ষীৰ হাতত সুৰাসহ আটক হয় সেনাজোৱানজন ৷ আটকাধীন সেনা জোৱানজন মহাৰাষ্ট্ৰৰ বিড জিলাৰ অশোক গুট্টী (৪৫) ।
ৰঙিয়াত সেনা জোৱানৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা - ৰঙিয়াত সেনা জোৱানৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা
ৰঙিয়া জংচনৰ 3 টাকৈ ট্ৰাংকত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সুৰাৰ বটল । জানিব পৰা মতে সেনা জোৱানজনে সুৰাখিনী অৰুণাচলৰ পৰা ৰে'ল যোগে ৰঙিয়ালৈ আনি পুনৰ ৰে'লযোগে মহাৰাষ্ট্ৰলৈ নিবলৈ পৰিকল্পনা কৰোতেই ৰঙিয়া ৰে'লৱে আৰক্ষীৰ হাতত সুৰাসহ আটক হয় সেনাজোৱানজন ৷
ৰঙিয়া
উল্লেখ্যযোগ্য যে, তিনিটাকৈ বৃহৎ ট্ৰাংকৰ সৈতে প্লেটফৰ্মত ৰে'লৰ বাবে ৰৈ থকা সেনাজোৱানজনৰ গতিবিধিত টহলদাৰী আৰক্ষীৰ সন্দেহ হোৱাত ট্ৰাংক কেইটা খুলি চোৱাত উদ্ধাৰ হয় অৰুণাচলী সুৰা । উদ্ধাৰ কৰা সুৰাৰ মূল্য লাখৰো অধিক হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।অধিক তথ্যৰ বাবে সেনা জোৱানজনক আৰক্ষীয়ে জেৰা অৱ্যাহত ৰাখিছে ।