ৰঙিয়া, 10 জুলাই : 47 খন বিচনাযুক্ত আইচিইউৰ(ICU) ৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰিলে ৰঙিয়াৰ মহকুমাধিপতি (Sub Divisional Officer) স্বপ্নীল পালে । বৰ্তমান আইচিইউ(ICU) ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে অক্সিজেনৰ সংযোজনৰ কাম সম্পূৰ্ণ কৰা হৈছে । স্বাস্থ্য বিভাগৰ অনুমতি পালেই বাকী যন্ত্ৰ-পাতিসমূহ লগোৱাৰ ব্যৱস্থা কৰা হ’ব ৷ লগতে ইয়াৰ পৰীক্ষা কৰা হ’ব ।
ইয়াৰ উপৰিও আইচিইউৰ বাবে চিকিৎসক তথা আন আন কাৰিকৰী বিষয়ৰ ব্যক্তিসকলক নিয়োগ কৰা হোৱাৰ কথা সদৰী কৰে মহকুমাধিপতি পালে ৷ ইয়াৰ বাবে পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰা হ’ব ৷ সকলোখিনি কাম সুকলমে খৰতকীয়াকৈ সম্পন্ন কৰি আইচিইউটো ৰাইজৰ বাবে শীঘ্ৰে মুকলি কৰা হ’ব বুলি জনায় ৰঙিয়াৰ মহকুমাধিপতিগৰাকীয়ে । ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ত (Rangiya Model Hospital) ৪৭ খন বিচনাযুক্ত আইচিইউৰ ব্যৱস্থা সংযোজিত কৰিবলৈ বিগত কেইবামাহৰ পৰা নিৰ্মাণকাৰ্য চলি আছিল ।