ৰঙিয়া,20 নৱেম্বৰঃ চৰকাৰী চাকৰিৰ পিছত হাবাথুৰি নাখাই স্ব-নিয়োজনৰে নিজকে সংস্থাপিত কৰিছে ৰঙিয়াৰ এজন যুৱকে ৷ চৰকাৰী চাকৰিৰ বাবে বহুবাৰ চেষ্টা কৰিও বিফল হোৱাত প্ৰায় ডেৰবছৰ আগত এখন হাঁহ-কুকুৰাৰ ফাৰ্ম খুলিছিল জেহেৰুল ইছলাম নামৰ যুৱকজনে ৷ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে জেহেৰুলে ঘৰতেই ব্যৱস্থা কৰি উলিয়াইছে দুটাকৈ ইংকুইভেটৰ মেশ্বিন ৷ য'ত তেওঁ এবাৰত পাঁচশ কণীৰ পৰা উমনি দি পোৱালি উৎপাদন কৰিব পাৰে। এই পোৱালি সমুহ তেওঁ নিজে পালন কৰাৰ লগতে দাঁতিকাষৰীয়া আন পালক সকলকো বিক্ৰী কৰে ।
হাঁহ-কুকুৰা ফাৰ্মেৰে স্বাৱলম্বী ৰঙিয়াৰ জেহেৰুল - ৰঙিয়া
হাঁহ-কুকুৰা ফাৰ্মেৰে স্বাৱলম্বী হৈছে ৰঙিয়াৰ জেহেৰুল ইছলাম নামৰ এজন যুৱক ৷ চৰকাৰী চাকৰিৰ বাবে বহুবাৰ চেষ্টা কৰিও বিফল হোৱাত প্ৰায় ডেৰবছৰ আগত এখন হাঁহ-কুকুৰাৰ ফাৰ্ম খুলিছিল জেহেৰুলে ৷
হাঁহ-কুকুৰা ফাৰ্মৰে স্বাৱলম্বী ৰঙিয়াৰ জেহেৰুল
ইয়াৰ উপৰিও জেহেৰুলৰ ফাৰ্মত উৎপাদিত কণীৰ চাহিদাও যথেষ্ট বেছি ৷ ফাৰ্মখনৰ পৰা জেহেৰুলৰ মাহেকীয়া উৎপাদনো যথেষ্ট সন্তোষজনক বুলি জনায় ৷ আনহাতে, অনাগাত দিনত আগ্ৰহী যুৱকসকলক ইয়াৰ প্ৰশিক্ষণ দিয়াৰো পৰিকল্পনা কৰিছে কৰিছে জেহেৰুলে ৷
লগতে পঢ়ক-কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা