ৰঙিয়া, ২১ জুলাই:অৱশেষত আৰক্ষীৰ জালত পৰিল ৰঙিয়াৰ শিশু অপহৰণকাৰী মহিলা । GPS লোকেশ্বন ট্ৰেক কৰি হাউলীত গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী মহিলাগৰাকীক(Kidnaper arrested in Hauly) । লগতে উদ্ধাৰ কৰে অপহৃতা কন্যা শিশুটিক । অপহৰণকাৰী মহিলাগৰাকীৰ নাম মামনি বেগম বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছিল অপহৃতা শিশু কন্যাগৰাকীৰ পেহীয়েক মঞ্জুলা দাসক ।
উল্লেখ্য যে, বুধবাৰে দিনৰ ভাগত সংঘটিত হৈছিল উক্ত ঘটনাটো(Rangia Child Kidnap) ৷ জানিব পৰা মতে মঙলবাৰে ৰিম্পী দাসৰ পেহীয়েক মঞ্জুলা দাসৰ পূৰ্বৰ চিনাকি সূত্ৰে মামণি বেগম নামৰ মহিলা গৰাকীয়ে তেওঁলোকৰ ঘৰত নিশা কটাইছিল । বুধবাৰে পুৱা মামণি বেগমে ৰিম্পীক কাপোৰ কিনি দিম বুলি কৈ পেহীয়েক মঞ্জুলাৰ লগত ৰঙিয়া নগৰলৈ আহিছিল । দুয়োগৰাকী মহিলাই শিশুটিক লৈ ৰঙিয়াত উপস্থিত হোৱাৰ পিছত ৰঙিয়াৰ এখন হোটেলত চাহ খাবলৈ সোমায় । চাহ খাই থকাৰ মাজতেই মামণি নামৰ মহিলাগৰাকীয়ে ৰিম্পীক লগত লৈ বেংকলৈ যাম বুলি পেহীয়েক মঞ্জুলাক হোটেলত এৰি থৈ ওলাই আহে ।