ৰঙিয়া,19 এপ্ৰিল: দেওবাৰে নিশা ৰঙিয়াত প্ৰচণ্ড ধুমুহা-বতাহ ৷ ধুমুহাত বিস্তৰ ক্ষতিসাধন হ'ল ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ । স্থানীয় ৰাইজে জানোৱা মতে, বা-মাৰলীয়ে সংহাৰী মূৰ্তি ধাৰণ কৰাত বিদ্যালয়ৰ কেইবাটাও শ্ৰেণী কোঠাৰ বিস্তৰ ক্ষতিসাধন হয় । হঠাৎ অহা এই ধুমুহাজাকে তুলসীবাৰী অঞ্চলটোত ভয়ংকৰ ৰূপ ধাৰণ কৰে । যাৰ ফলত বিদ্যালয়খনৰ নতুন গৃহৰ কেইবাটাও কোঠা ভাঙি পৰে ।
ৰঙিয়াত প্ৰচণ্ড ধুমুহা - ৰঙিয়াত প্ৰচণ্ড ধুমুহা
প্ৰচণ্ড ধুমুহাত ৰঙিয়াৰ তুলসীবাৰীৰ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিস্তৰ ক্ষতিসাধন হয় ৷ কিন্তু পালমৰা ধৰণে বিদ্যালয়ৰ কোঠালী নিৰ্মাণ কৰাৰ ফলতে নতুন গৃহৰ কেইবাটাও কোঠালী ভাঙি যোৱা বুলি অভিযোগ উত্থাপন কৰিছে অধ্যক্ষ লিনু বৰদলৈয়ে ।
![ৰঙিয়াত প্ৰচণ্ড ধুমুহা ৰঙিয়াত প্ৰচণ্ড ধুমুহা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11455964-345-11455964-1618818683337.jpg)
ৰঙিয়াত প্ৰচণ্ড ধুমুহা
ৰঙিয়াত প্ৰচণ্ড ধুমুহা
উল্লেখ্য যে, বিদ্যালয়ৰ প্ৰধান অধ্যক্ষই জানিবলৈ দিয়া মতে, কেইবছৰমান পূৰ্বে বিদ্যালয়খনৰ কোঠালীকেইটা নতুনকৈ নিৰ্মাণ কৰা হৈছিল । কিন্তু এজাক ধুমুহাতে পকী কোঠালী ভাঙি পৰাত নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে । পালমৰা ধৰণে বিদ্যালয়ৰ কোঠালী নিৰ্মাণ কৰাৰ ফলতে এনেদৰে কেইবাটাও নতুন কোঠালী ভাঙি যোৱা বুলি অভিযোগ উত্থাপন কৰিছে অধ্যক্ষ লিনু বৰদলৈয়ে ।
লগতে পঢ়ক : গোলাঘাটত আটক তিনি গাড়ী চোৰ