অসম

assam

ETV Bharat / state

এটা দশক ধৰি বিকল ৰঙিয়াৰ গোপালপুৰৰ পানী যোগান আঁচনি - ৰঙিয়াৰ গোপালপুৰৰ পানী যোগান আঁচনি বাতৰি

কেইবালাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা ৰঙিয়াৰ গোপালপুৰৰ পানী যোগান আঁচনিখন সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে ৷ মাজে সময়ে নিৰীক্ষণৰ বাবে বিষয়া ঠিকাদাৰ আহে যদিও ইমান বছৰে আঁচনিখন কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

As_rangia_rangiya-gopalpur-water-supply-scheme_vis_AS10040
এটা দশক ধৰি বিকল ৰঙিয়াৰ গোপালপুৰৰ পানী যোগান আঁচনি

By

Published : Nov 30, 2020, 5:39 PM IST

ৰঙিয়া, 30 নৱেম্বৰঃবিগত এটা দশকে বিকল হৈ আছে ৰঙিয়াৰ গোপালপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগান আঁচনি ৷ কেইবালাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা আঁচনিখনৰ পৰা প্ৰথমাৱস্থাত ৰাইজে ঠিকেই পানী লাভ কৰিছিল যদিও ছমাহ পিছতেই সম্পূৰ্ণৰূপে বিকল হৈ পৰে পানীযোগান আঁচনিখন ৷ সততে বানপানী হৈ থকা অঞ্চলটোৰ ৰাইজে আঁচনিখনৰ পৰা বানৰ সময়ত বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছিল । কিন্তু যোৱা এটা দশকৰ পৰা বিকল হৈ পৰি ৰোৱা আঁচনিখনৰ পৰা কোনো সুবিধা লাভ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

এটা দশক ধৰি বিকল ৰঙিয়াৰ গোপালপুৰৰ পানী যোগান আঁচনি

ইতিমধ্যে আঁচনিখনৰ যন্ত্ৰ সমূহৰ লগতে ঘৰটো উৱঁলি যাবলৈ ধৰিছে। আঁচনিখনৰ পৰা পানীযোগানৰ বাবে ঠায়ে ঠায়ে বহুৱা নল সমূহ নষ্ট হ’বলৈ ধৰিছে। মাজে সময়ে বিষয়া ঠিকাদাৰ আহে যদিও ইমান বছৰে আঁচনিখন কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । আঁচনিখন মেৰামতি আৰু নিৰ্মানৰ নামত বিভাগটোৰ বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ ।

এটা দশক ধৰি বিকল ৰঙিয়াৰ গোপালপুৰৰ পানী যোগান আঁচনি

এয়াই হৈছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ । লাখ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা পানী যোগান আঁচনিসমুহ এতিয়া সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে একাংশৰ বাবে । ৰাইজে শীঘ্ৰে এই পানী যোগান আঁচনিটো পুনৰ কাৰ্য্যক্ষম কৰাৰ বাবে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক-বিটিচিৰ টকাৰে হাগ্ৰামা মহিলাৰীয়ে অগাধ সম্পত্তি গঢ়িলেঃ ইউপিপিএল

ABOUT THE AUTHOR

...view details