অসম

assam

ETV Bharat / state

ৰাজ্যৰ শক্তি বিভাগৰ নগ্ন স্বৰূপ - ৰাজ্যত 1000টা বিদ্যুতস্পৃষ্ট হৈ মৃত্যুৰ ঘটনা

ৰঙিয়াৰ পশ্চিম সীতাৰাৰ এটা ৰাজহুৱা পুখুৰীৰ ওপৰেৰে টনা হৈছে উচ্চ ক্ষমতা সম্পন্ন তিনিডাল বিদ্যুত পৰিবাহী তাঁৰ ৷ ১১০০০ ভল্টৰ তাঁৰ কেইডাল পুখুৰীৰ পানীৰ পৰা দুই ফুটতকৈও কম দূৰত্বৰে ওলমি পাৰ হৈ গৈছে ৷ যাৰ ফলত যিকোনো সময়তে ভয়ংকৰ অঘটনৰ সম্ভাৱনা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে

ৰাজ্যৰ শক্তিবিভাগৰ নগ্ন স্বৰূপ

By

Published : Sep 24, 2019, 2:45 PM IST

ৰঙিয়া, 24 ছেপ্টেম্বৰঃ বিতৰ্কই লগ নেৰা ৰাজ্যৰ শক্তি বিভাগ ৷ সময়ে সময়ে বিভাগটোৱে উদঙাই দিছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ কেতিয়াবা যদি বিভাগটোৰ গাফিলতিৰ বাবে বিদ্যুতস্পৃষ্ট হৈ নিৰীহ মানুহে প্ৰাণ হেৰুৱাব লগা হৈছে কেতিয়াবা আকৌ বাঁহ,কাঠৰ খুটাৰে বিদ্যুত সংযোগ দি বাতৰিৰ শিৰোনাম হৈছে বিভাগটো ৷ কেৱল মাত্ৰ বিভাগৰ একাংশ বিষয়ববীয়াৰ দায়ীত্বজ্ঞানহীনতাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷ 2006 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত 1000টা বিদ্যুতস্পৃষ্ট হৈ মৃত্যুৰ ঘটনাসংঘটিত হৈছে ৷ কিন্তু ইয়াৰ পাছতো গা লৰা নাই বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ ৷

ৰাজ্যৰ শক্তিবিভাগৰ নগ্ন স্বৰূপ
ৰঙিয়াৰ পশ্চিম সীতাৰাৰ এটা ৰাজহুৱা পুখুৰীৰ ওপৰেৰে টনা হৈছে উচ্চ ক্ষমতাসম্পন্ন তিনিডাল বিদ্যুত পৰিবাহী তাঁৰ ৷ ১১০০০ ভল্টৰ তাঁৰ কেইডাল পুখুৰীৰ পানীৰ পৰা দুই ফুটতকৈও কম দূৰত্বৰে ওলমি পাৰ হৈ গৈছে ৷ যাৰ ফলত যিকোনো সময়তে ভয়ংকৰ অঘটনৰ সম্ভাৱনাই দেখা দিছে ৷ ইফালে ৰাইজে এই ৰাজহুৱা পুখুৰীটো কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰা হৈছে ৷আনহাতে পুখুৰীটোৰ পাৰতেই সম্পূৰ্ণ উন্মুক্ত অৱস্থাত আছে ট্ৰেন্সফৰ্মাৰ এটা ৷ উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ পৰা প্ৰায়েই ফিৰিঙতি ওলোৱাৰ কথা ব্যক্ত কৰে ৰাইজে ৷ যাৰ ফলত পশুধনৰো যথেষ্ট ক্ষতিসাধন হৈছে ৷ বিভাগীয় কতৃপক্ষক বহুবাৰ আবেদন কৰিও এইপৰ্যন্ত কোনো সুফল লাভ কৰা নাই ৰাইজে ৷ বাৰাম্বাৰ গা এৰা মন্তব্য আগবঢ়াই আহিছে বিভাগৰ দায়িত্বত থকা বিষয়াই ৷

ABOUT THE AUTHOR

...view details