ৰঙিয়া, 22 অক্টোবৰঃসময় উকলি যোৱাৰ পিছতো 50 শতাংশ কামো সম্পূৰ্ণ নহ’ল প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হোৱা মুৰাৰা-বাৰাংহাটী পথৰ লগতে তিনিখনকৈ দলঙৰ ৷ প্ৰায় আঢ়ৈ বছৰ পূৰ্বে কাম আৰম্ভ কৰা হৈছিল মুৰাৰা-বাৰাংহাটী পথৰ জয়ন্তীপুৰৰ পৰা নোনাপাৰলৈ ২ কিলোমিটাৰ ৮৫৮ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এই পথচোৱা নিৰ্মানৰ বাবদ ধাৰ্য কৰা হৈছিল ৬ কোটি ২৫ লাখ টকা ৷ পথ আৰু দলং নিৰ্মাণৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছিল কেআইডিচি নামৰ এটা কনষ্ট্ৰাকচন কোম্পানীক ৷ কিন্তু বিগত চাৰি মাহ ধৰি বৰকুকুৰীয়াৰ দলংখনৰ আধা অংশ নিৰ্মাণ কৰিয়ে অজ্ঞাত কাৰণত কাম বন্ধ কৰি ৰাখিছে ঠিকাদাৰী সংস্থটোৱে ৷ ফলত তিনিখন দলঙৰ দুখন দলংৰ নিৰ্মাণ প্ৰায় চল্লিশ শতাংশ হৈছে যদিও ৰাস্তাটো আৰু আন এখন দলঙৰ কাম নূন্যতমো আগবঢ়া নাই ৷
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত দলং নিৰ্মানত অনিয়ম - প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ৰঙীয়া কেলেংকাৰী
প্ৰায় আঢ়ৈ বছৰ পূৰ্বে কাম আৰম্ভ কৰা মুৰাৰা বাৰাংহাটী পথৰ জয়ন্তীপুৰৰ পৰা নোনাপাৰ সংযোগী পথচোৱা নিৰ্মানৰ কাম বিগত চাৰি মাহে কোনো অজ্ঞাত কাৰণত বন্ধ কৰি ৰাখিছে পথ নিৰ্মানৰ দায়িত্বত থকা কে আই ডি চি নামৰ এটা কনষ্ট্ৰাকচন কোম্পানীয়ে ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এই পথচোৱা নিৰ্মানৰ বাবদ ধাৰ্য কৰা হৈছিল প্ৰায় ৬ কোটি ২৫ লাখ টকা ৷
আনহাতে দলংকেইখনৰ বিকল্প হিচাপে থকা কাঠৰ দলংকেইখনৰ অৱস্থাও তথৈবচ । নিতৌ ছাত্ৰ ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ লোক আহা যোৱা কৰা দলংকেইখনত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰৱল হৈ পৰিছে ৷ স্থানীয় ৰাইজে এই সম্পৰ্কে সংশ্লিষ্ট বিভাগত কেইবাবাৰো অভিযোগ উত্থাপিন কৰিছে যদিও বিষয়া সকলে সদায় গা এৰা মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ নিৰ্মাণ কাৰ্যত নিয়োজিত বনুৱা আৰু মজদুৰ সকলকো সম্পূৰ্ণ পইচা আদায় দিয়া নাই ঠিকাদাৰে ৷ এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা হ’ব লক্ষণীয় ৷