ৰঙিয়া,6 জুন:বিগত এটা বছৰে সম্পূৰ্ণ নহ’ল বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ কাৰ্য ৷ প্ৰায় এবছৰ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীৰ পুঠিমাৰী নৈৰ ওপৰত থকা মথাউৰিটো হঠাতে ছিঙি যোৱাৰ ফলত বৃহত্তৰ অঞ্চলটো বাঢ়নী পানীত বুৰ গৈছিল ৷ তাৰ পিছত এটা বছৰ পাৰ হ’ল, কিন্তু আজিকোপতি সম্পূৰ্ণ নহ’ল মথাউৰি নিৰ্মাণৰ কাম ৷
বাৰিষা সমাগত আৰু বাৰিষাৰ পূৰ্বে এতিয়া অনাগত শংকাক লৈ দিন পাৰ কৰিছে বৃহত্তৰ বগৰীবাৰী অঞ্চলৰ ৰাইজে ৷ ইতিমধ্যে পুঠিমাৰী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । যদিহে নৈৰ পানী বিপদসীমাৰ ওপৰেৰে পাৰ হয়, তেতিয়াহ’লে যিকোনো মুহুৰ্ততে মথাউৰি ছিঙি বৃহত্তৰ ৰঙিয়া অঞ্চল পুনৰ প্লাৱিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । প্ৰথমাৱস্থাৰ পৰাই ঠিকাদাৰৰ বিৰুদ্ধে মথাউৰি নিৰ্মাণৰ কাম লেহেমীয়া কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ কৰা হৈছিল ৷ বাতৰি সম্প্ৰচাৰৰ পিছতে মথাউৰি নিৰ্মাণৰ কাম কিছু ক্ষীপ্ৰ কৰা হৈছিল যদিও লাহে লাহে পুনৰ লেহেমীয়া হৈ পৰে ৷