ৰঙিয়া, 23 ছেপ্তেম্বৰঃবিগত চাৰি বছৰে বন্ধ হৈ আছে ৰঙিয়াস্থিত অসম পলিয়েষ্টাৰ সমবায় সমিতিৰ মিলটো ৷ এই উদ্যোগটো পুনৰুজ্জিৱীত কৰাৰ বাবে স্থানীয় বিধায়ক ভৱেশ কলিতাই বহুবাৰ ইয়াৰ কৰ্মচাৰীসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও সময়ৰ সোঁতত সকলো প্ৰতিশ্ৰুতিয়ে ফুটুকাৰ ফেনত পৰিণতহৈছে ৷ অৱশেষত ক্ষোভিত কৰ্মচাৰীসকলে বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
ৰঙিয়াত চাইকেল ৰেলীৰে এপ’ল’ মিল কৰ্মচাৰীৰ প্ৰতিবাদ - ৰঙিয়া এপল মিল শেহতীয়া বাতৰি
বিগত চাৰি বছৰে ৰঙিয়াৰ এপ’ল’ মিলটো বন্ধ হৈ থকাৰ ফলত ইয়াত কৰ্মৰত 700 কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে ৷ সেয়েহে মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত বুধবাৰে প্ৰায় চাৰি শতাধিক কৰ্মচাৰীয়ে চাইকেল চলাই এক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
ৰঙিয়াত এপল মিল কৰ্মচাৰীৰ চাইকেল ৰেলীৰে প্ৰতিবাদ
বিগত চাৰি বছৰে এপ’ল’ মিলটো বন্ধ হৈ থকাৰ ফলত ইয়াত কৰ্মৰত 700 কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে ৷ মিলটো পুনৰ কাৰ্যক্ষম নকৰিলে চৰকাৰে ইয়াৰ কৰ্মচাৰী সকলক স্বেচ্ছাসমূলক অৱসৰ গ্ৰহণৰ সুবিধা কৰি দিয়াৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনায় ৷ এইসমূহ দাবীৰেই বুধবাৰে এপ’ল’ চৌহদৰ পৰা প্ৰায় চাৰি শতাধিক লোকে চাইকেল চলাই এক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে ৰঙিয়া মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনস্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷