ৰঙিয়া, 17 ফেব্ৰুৱাৰী:বুধবাৰে ৰঙিয়াৰ হাইৱে চ’কৰ সমীপত উজনি মুৱা ব্ৰহ্মপুত্ৰ মেইল অৱৰোধ কৰিলে সদৌ অসম ক’ভিড-১৯ চাফাই কৰ্মী সকলে । কভিড-১৯ ৰ সময়ত নিযুক্তি দিয়া অসমৰ যুৱক-যুৱতী সকলক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ মুখৰ হৈ পৰে কৰ্মীসকল । অসম চৰকাৰ মুৰ্দাবাদ, স্বাস্থ্যমন্ত্ৰী মুৰ্দাবাদ, ক’ভিড যোদ্ধাক প্ৰতৰণা কৰা নচলিব, আমাক নিযুক্তি দিয়ক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।
উল্লেখ্য যে, ৰাজ্যৰ ১৬২৫ জন ক’ভিড চাফাই কৰ্মীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে । অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ক’ভিড-19 চাফাই কৰ্মীসকলে ৰে’লপথ অৱৰোধ কৰাত প্ৰায় এঘণ্টা ধৰি উজনি মুৱা ব্ৰহ্মপুত্ৰ মেইল আবদ্ধ হৈ পৰে । ঘটনাস্থলীত ৰে’ল আৰক্ষী তথা ৰঙিয়া আৰক্ষীৰ বাহিনী উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক ৰে’লপথৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে যদিও আন্দোলনকাৰী সকল আকোৰগোজ হৈ থাকে ।