ৰঙিয়া, 18 জুন: সামাজিক দুৰত্বৰ নীতি-নিয়ম মানি চলি আজিৰ পৰা মুকলি কৰা হৈছে ৰঙিয়াৰ সাপ্তাহিক বজাৰ । বজাৰখনত প্ৰায় এহেজাৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজে উৎপাদন কৰা শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাছ-মাংস সকলো কম মূল্যতে বিক্ৰী কৰি আহিছে । কিন্তু দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছিল খেতিয়কসকলৰ ।
আনহাতে তাৰেই সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীও বহু গ্ৰাহকৰ পৰা লৈছিল অত্যাধিক মূল্য । সেয়েহে বৃহস্পতিবাৰৰ পৰা পুনৰ ৰঙিয়াৰ সাপ্তাহিক বজাৰখন মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰা হয় । লক ডাউনৰ সকলো নীতি-নিয়মৰ মাজৰে পৰিচালনা কৰা হয় বজাৰখন । বজাৰত ব্যৱসায়ী সকলে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব মানি চলে ।