অসম

assam

By

Published : Apr 26, 2021, 2:02 PM IST

ETV Bharat / state

পুনৰ ৰঙিয়া আৰক্ষীৰ জালত টিকলা আৰু পাকু

ৰঙিয়াত আৰক্ষীৰ এক অভিযানত গুৱাহাটীৰ হাতীগাঁৱৰ পৰা পিতাম্বৰ হাট বজালীৰ চৰিফুল হক ওৰফে টিকলা আৰু ষ্টেডিয়াম কলনীৰ তৈয়াবৰ ৰহমান ওৰফে পাকু নামৰ দুটা গভাইত চোৰক আটক হয় । ধৃত চোৰ দুজনৰ পৰা ১১ ডাল সোণৰ গহনা, নগদ ১৬ হাজাৰ টকা, এটা ম’বাইলসহ AS 01 AT 1449 নম্বৰৰ এখন বিলাসী বাহন উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে ।

পুনৰ ৰঙিয়া আৰক্ষীৰ জালত টিকলা আৰু পাকু
পুনৰ ৰঙিয়া আৰক্ষীৰ জালত টিকলা আৰু পাকু

ৰঙিয়া,26 এপ্ৰিল: ৰঙিয়াত আৰক্ষীৰ এক অভিযানত গুৱাহাটীৰ হাতীগাঁৱৰ পৰা পিতাম্বৰ হাট বজালীৰ চৰিফুল হক ওৰফে টিকলা আৰু ষ্টেডিয়াম কলনীৰ তৈয়াবৰ ৰহমান ওৰফে পাকু নামৰ দুটা গভাইত চোৰক আটক হয় । ধৃত চোৰ দুজনৰ পৰা ১১ ডাল সোণৰ গহনা, নগদ ১৬ হাজাৰ টকা, এটা ম’বাইলসহ AS 01 AT 1449 নম্বৰৰ এখন বিলাসী বাহন উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে ।

জানিব পৰা মতে, উদ্ধাৰ হোৱা সোণৰ গহনাখিনিৰ বজাৰ মূল্য প্ৰায় ১২ লাখ টকা । ৰঙিয়াত এই দুই গভাইত চোৰে কেইবাবাৰো মহিলাৰ ডিঙিৰ পৰা হাৰ কাঢ়ি নি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল । শেহতীয়াকৈ কিছুদিন পূৰ্বে এগৰাকী ভূক্তভোগী মহিলাই থানাত এজাহাৰ দাখিল কৰা পাছতে ৰঙিয়া আৰক্ষী তৎপৰ হৈ পৰে । আৰু অৱশেষত আৰক্ষীয়ে চুৰ দুটাক আটক কৰিবলৈ সক্ষম হয় ৷

পুনৰ ৰঙিয়া আৰক্ষীৰ জালত টিকলা আৰু পাকু

উল্লেখ্য যে, কামৰূপ, বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত ডকাইতি আৰু চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুৰ্ধৰ্ষ চোৰ পাকু আৰু টিকলাক কৰায়ত্ত কৰাৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছে ৰঙিয়াৰ ৰাইজে । ইতিপূৰ্বে এই দুই গভাইত চোৰ আৰক্ষীৰ জালত বহুবাৰ পৰিছে যদিও কিছুদিন পাছতেই আইনৰ সুৰুঙাৰে জামিন লাভ কৰি পুনৰায় চুৰি কাণ্ড সংঘটিত কৰে দুয়োজনে ।

লগতে পঢ়ক : ২৬ জানুৱাৰীৰ লালকিল্লাৰ ঘটনা: জামিন লাভ কৰিলে দীপ সিদ্ধুৱে

ABOUT THE AUTHOR

...view details