অসম

assam

ETV Bharat / state

ৰঙিয়াত ছাত্ৰ-ছাত্ৰীকলৈ সৰ্বশিক্ষাৰ হেতালি, চাৰিমাহ পাচতো লাভ নকৰিলে সম্পূৰ্ণ পাঠ্যক্ৰম

ৰঙিয়াৰ কেইবাখনো আগশাৰীৰ শিক্ষা অনুষ্ঠানৰ ছাত্র ছাত্ৰীয়ে বৰ্তমান পৰ্যন্ত লাভ কৰা নাই কেইবাটাও বিষয়ৰ পাঠ‍্যপুঠি ৷ ইয়াৰে ভিতৰত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সপ্তম শ্ৰেণীৰ অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞানৰ কিতাপ যোগান আধৰুৱা হৈ আছে

By

Published : May 3, 2019, 10:55 PM IST

ৰঙিয়াত ছাত্ৰ-ছাত্ৰীকলৈ সৰ্বশিক্ষাৰ হেতালি

ৰঙিয়া, 3 মে': শিক্ষাবৰ্ষৰ আৰম্ভ হোৱাৰ চাৰিমাহ পাচতো সম্পূৰ্ণ পাঠ‍্যক্ৰমৰ কিতাপ হাতত নপৰিল ছাত্ৰ ছাত্ৰীৰ । অসহায় শিক্ষক, চিন্তিত ছাত্র ছাত্ৰী । সৰ্বশিক্ষাৰদ্বাৰা দেশৰ প্ৰতিটো শিশুকেই শিক্ষাৰ অধিকাৰ দিয়া চৰকাৰ খনে এইবাৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ চাৰিমাহ পাচতো ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ পাঠ‍্যক্ৰমৰ কিতাপ যোগান ধৰিবলৈ সক্ষম হোৱা নাই ৰাজ্য চৰকাৰ । ৰঙিয়াৰ কেইবাখনো আগশাৰীৰ শিক্ষা অনুষ্ঠানৰ ছাত্র ছাত্ৰীয়ে বৰ্তমান পৰ্যন্ত লাভ কৰা নাই কেইবাটাও বিষয়ৰ পাঠ‍্যপুঠি ৷ ইয়াৰে ভিতৰত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সপ্তম শ্ৰেণীৰ অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞানৰ কিতাপ যোগান আধৰুৱা হৈ আছে । ঠিক সেইদৰে ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম আৰু অষ্টম শ্ৰণীৰ ছাত্র-ছাত্ৰী সকলক যোৱা দুবছৰে আৰৱী কিতাপ আৰু যোৱা চাৰি মাহে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপ যোগান ধৰিব পৰা নাই সৰ্বশিক্ষা অভিযান মিছনে । ইফালে শ্ৰীমন্ত শংকৰদেৱ শিশু বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক যোৱা চাৰি মাহে ইংৰাজী কিতাপ যোগান ধৰিব পৰা নাই । যাৰ বাবে বিভিন্ন সমস্যাত পৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ।

ছাত্ৰ-ছাত্ৰীসকলেও পাঠগ্ৰহণত অসুবিধাৰ সন্মুখীন হৈ চিন্তিত হৈ পৰিছে নিজৰ ভৱিষ্যতক লৈ । এতিয়া প্ৰশ্ন হৈছে কোনদিশে ৰাজ্যৰ শিক্ষাখণ্ড ! পাঠ্যপুথিৰ নামত কিমান ভেকোভাওনা কৰিব শিক্ষা বিভাগে ! এনেদৰে দেশৰ শিশু সকলক দেশৰ ভৱিষ্যতৰ সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ব নে চৰকাৰ!

ৰঙিয়াত ছাত্ৰ-ছাত্ৰীকলৈ সৰ্বশিক্ষাৰ হেতালি

ABOUT THE AUTHOR

...view details