অসম

assam

ETV Bharat / state

কুঁহিয়াৰ খেতিৰে স্বাৱলম্বি ৰঙিয়াৰ এদল খেতিয়ক - ৰঙিয়াৰ মাদৈকাটা

কুঁহিয়াৰ বিপ্লৱৰ সূচনা কৰি আদৰ্শৰ পথ দেখুৱাইছে শতাধিক শিক্ষিত নিবনুৱা যুৱকে। উল্লেখযোগ্য যে কৃষি কাৰ্যৰে অনুকৰণীয় হৈ পৰা গাঁওবাসীয়ে বৰ্তমানলৈকে কৃষি অথবা জলসিঞ্চন বিভাগৰ কোনো আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হৈছে ৰঙিয়াৰ এদল খেতিয়ক
কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হৈছে ৰঙিয়াৰ এদল খেতিয়ক

By

Published : Jan 7, 2020, 1:02 PM IST

ৰঙিয়া,7 জানুৱাৰী:ৰঙিয়াৰ মাদৈকাটাত কুঁহিয়াৰ খেতিৰে সংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হৈছে পাঁচ শতাধিক পৰিয়ালে। ২০০২ চনৰ প্ৰলয়ংকৰী বানে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি কৃষকৰ ৰাজহাড় ভাঙি পেলোৱাৰ পিচতো গাঁওখনৰ হেজাৰ বিঘাৰো অধিক মাটিত কুঁহিয়াৰ খেতিৰে বৰ্তমান আৰ্থিকভাৱে স্বচ্ছল হৈ এক নিদৰ্শন দাঙি ধৰিছে শ্ৰমজীৱী লোকসকলে ।

কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হৈছে ৰঙিয়াৰ এদল খেতিয়ক

২০০২ চনত প্ৰলয়ংকৰী বানে অঞ্চলটোৰ বৃহৎ খেতিপথাৰ বালিয়ে পুতি পেলোৱাত কৃষি শষ্য সম্পূৰ্ণ বিনষ্ট হয়। পৰৱৰ্তি সময়ত বালিয়ে পুতি পেলোৱা সেই মাটিত ধান খেতি নোহোৱাত সমস্যাত পৰে কৃষিজীৱী লোকসকল। জীৱিকাৰ একমাত্ৰ পথ হেৰুৱাই হতাশাত ভাগি পৰে খেতিয়কসকল। এনে সময়তে দুজনমান উদ্যমী ব্যক্তিয়ে ৪/৫ বিঘা মান মাটিত গৱেষণামূলকভাৱে কুঁহিয়াৰৰ খেতি আৰম্ভ কৰে।

লগতে পঢ়ক: লুইতৰ বলুকাত "উইন্টাৰ কাৰ্ণিভেল"

কুঁহিয়াৰ খেতিৰে কৃষক কেইজন যথেষ্ট পৰিমাণে লাভান্বিত হোৱাৰ পাচতে গাঁওখনৰ অন্য লোকসকলেও কুঁহিয়াৰ খেতিত মনোনিৱেশ কৰে। এই কুঁহিয়াৰ খেতিৰ জৰিয়তে কৃষকসকলে প্ৰতি বিঘা মাটিত ৫০ হেজাৰৰ পৰা ১ লাখ পৰ্যন্ত টকা উপাৰ্জন কৰি আহিছে ৷ উল্লেখযোগ্য যে কৃষি কাৰ্যৰে অনুকৰণীয় হৈ পৰা গাঁওবাসীয়ে বৰ্তমানলৈকে কৃষি অথবা জলসিঞ্চন বিভাগৰ কোনো আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ABOUT THE AUTHOR

...view details