ৰঙিয়া, 10 মাৰ্চ : ‘‘ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়ৰ সংৰক্ষণৰ বাবে হ’বলগীয়া উচ্ছেদত কোনো বিতৰ্ক নাই । ৰাইজ নিজে ওলাই আহিছে গড়টো সংৰক্ষিত কৰিবলৈ (Rangia subdivisional officer visited arimatta rampart)। গড়ৰ ওপৰত থকা মন্দিৰ-মছজিদৰ লগতে আন আন ৰাজহুৱা স্থানসমূহো সমিতিসমূহৰ লগত আলোচনামৰ্মে ৰাইজৰ সহযোগিতাৰে অতি শীঘ্ৰে স্থানান্তৰিত কৰা হ’ব ।’’ ৰঙিয়াত অৱস্থিত কেইবা শতিকা পুৰণি ঐতিহাসিক আৰিমত্ত গড় পৰিদৰ্শন কৰি এই মন্তব্য কৰে ৰঙিয়াৰ মহকুমাধিপতি (অ) দ্বীপন বৰ্মনে ।
কেইবা দশকৰ পৰা বেদখলৰ কৱলত পৰি নিশ্চিহ্ন হ’বলৈ ধৰা গড়টো সংৰক্ষণৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্যে মহকুমাধিপতিগৰাকীয়ে শুক্ৰবাৰে ৰঙিয়াৰ পালবস্তী, তৰণি, তুলসীবাৰী, মাহতলিকে ধৰি কৰি কেইবাও ঠাই পৰিদৰ্শন কৰে ৷ লগতে আৰিমত্ত গড় সন্দৰ্ভত স্থানীয় ৰাইজৰ সৈতে মত বিনিময়ো কৰে (Preservation of Arimatta rampart) ।
মহকুমাধিপতিগৰাকীয়ে ৰাইজৰ লগতে সংবাদ মাধ্যমৰ আগতো কয় যে গড়টোৰ সংৰক্ষণৰ বাবে পুৰাতত্ব বিভাগৰ (archeology) সৈতে যোগাযোগ কৰা হ’ব । লগতে পৰ্যটনৰ দিশতো গড়টো আকৰ্ষণীয় ৰূপতো সজাই তুলিবলৈ চেষ্টা কৰিব বুলিও আশ্বাস দিয়ে মহকুমাধিপতিগৰাকীয়ে ।