অমৃত ভাৰত ষ্টেচনত অন্তৰ্ভুক্ত হ’ল ৰঙিয়া ষ্টেচন ৰঙিয়া, 6 আগষ্ট :দেওবাৰে সমগ্ৰ দেশৰ 508 টা ষ্টেচন সমন্বিতে ৰঙিয়া ৰে’ল ষ্টেচনক ভাৰত চৰকাৰৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে উন্নীতকৰণৰ বাবে শিলান্যাস কৰা হয় । দেশৰ ৰাজধানী দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী শিলান্যাসৰ অনুষ্ঠানটো সম্পাদনা কৰে ।
এই উপলক্ষে ৰঙিয়া ৰে’ল ষ্টেচনৰ 1 নং প্লেটফৰ্মত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, ৰঙিয়া পৌৰসভাৰ সভাপতি অমৰেন্দ্ৰ লহকৰ, ৰে’লৰ বিষয়ববীয়াৰ লগতে ৰঙিয়াৰ ৰাইজ উপস্থিত থাকে ।
দিল্লীৰ পৰা শিলান্যাস কৰাৰ পিচত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ মূল ষ্টেচনসমূহৰ লগতে দেশৰ ভিতৰুৱা অঞ্চলসমূহৰ সৰু সৰু ষ্টেচনসমূহকো বিশ্বমান সম্পন্ন উন্নত কৰাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে ।
তেওঁ লগতে কয় যে, এখন ঠাইৰ সামগ্ৰিক উন্নতিৰ ক্ষেত্ৰত ৰে’ল ষ্টেচনৰ অৱদান যথেষ্ট । গতিকে ষ্টেচনসমূহ আধুনিক হোৱাৰ লগতে সকলো সা-সুবিধাযুক্ত হ’লে স্থানীয় ৰাইজৰ সুবিধা হোৱাৰ লগতে ঠাইখনৰো নাম হয় । আঁচনিখনৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয় যে, এই বছৰৰ ৰে’লৰ বাজেট 2 লাখ চল্লিশ হাজাৰ টকা । ইয়াৰ ভিতৰত নিৰ্মাণ হ’বলগীয়া অমৃত ভাৰত ষ্টেচনসমূহৰ নিৰ্মাণৰ বাবদ প্ৰায় 25,000 কোটি টকা ধাৰ্য্য কৰা হৈছে ।
ইফালে ৰঙিয়াত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই অংশগ্ৰহণ কৰি কয় যে, দেশৰ 508 টা ষ্টেচনৰ ভিতৰত অসমৰ 54 টা ষ্টেচন উক্ত আঁচনিৰ অন্তৰ্ভুক্ত হৈছে । ইয়াৰে ৰঙিয়া ৰে’ল সংমণ্ডলৰ অধীনত 15 টা ষ্টেচন অন্তভুক্ত হোৱা বুলি সদৰী কৰে ৷
সাংসদ দিলীপ শইকীয়াই লগতে কয় যে অসমৰ 54 টা ষ্টেচনৰ ভিতৰত 32 টা ষ্টেচনৰ কাম আজিৰ পৰা আৰম্ভ হৈছে । সাংসদগৰাকীয়ে জানিবলৈ দিয়া মতে মঙলদৈ লোকসভা সমষ্টিৰ অধীনৰ পাঁচটা ষ্টেচন ক্ৰমে ৰঙিয়া, নলবাৰী, টংলা, ৰৌতা আৰু মাজবাট এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে । ৰে’ল মাণ্ডলিক বিষয়া নীৰজ গুপ্তাই জানিবলৈ দিয়ামতে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰঙিয়া ষ্টেচন 41.3 কোটি টকা ব্যয় সাপেক্ষে প্ৰায় ডেৰ বছৰৰ ভিতৰত নিৰ্মাণ কৰা হ’ব ।
লগতে বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে ষ্টেচনসমূহৰ উন্নীতকৰণৰ পিচত বিভিন্নধৰণৰ সুবিধা উপলব্ধ হ’ব । বিশেষকৈ বিনামূলীয়া ৱাই ফাই, পাৰ্কিঙৰ সুবিধা, পৰিষ্কাৰ খোৱা পানী, আধুনিক অনাময় সুবিধা, চিচিটিভিৰ পৰ্যবেক্ষণ, যাত্ৰীসকলৰ বাবে বিভিন্ন সা-সুবিধা তথা বিশ্ৰাম কক্ষ, দিব্যাংগসকলৰ বাবে বিশেষ সুবিধা, লগতে ৰে’লৰ ট্ৰেকসমূহৰ আধুনিকীকৰণ কৰা হ’ব ৷
লগতে পঢ়ক:Assam Police: সংস্কাৰমুখী আৰক্ষীৰ জিম্মাত ৰাজ্যত এবছৰত প্ৰাণ গ'ল এঘাৰজনৰ