অসম

assam

ETV Bharat / state

শিশু দিৱসৰ দিনা ৰঙিয়াত এজাক বিশেষ শিশুৰ সৈতে ইটিভি ভাৰত - শিশু দিৱস

ৰঙিয়াৰ বিশেষ শিশু আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত সমাজৰ আগত নিজক তুলি ধৰাৰ আপ্ৰাণ চেষ্টা এজাক শিশুৰ ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে উদযাপন কৰিলে শিশু দিৱস ৷

শিশু দিৱসৰ দিনা ৰঙিয়াত এজাক বিশেষ শিশুৰ সৈতে ইটিভি ভাৰত

By

Published : Nov 14, 2019, 6:52 PM IST

ৰঙিয়া,14 নৱেম্বৰ: নৱেম্বৰ মাহৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ৷ শিশুসকলৰ অতি মৰমৰ নেহৰু খুড়া ৰূপে পৰিচিত পণ্ডিত নেহৰুৱে নিজৰ জন্মদিনটো উচ্চৰ্গা কৰিছিল কণ কণ শিশুসকলৰ বাবে আৰু সেই উপলক্ষে 14 নৱেম্বৰ দিনটোকে ভাৰতবাসীয়ে পালন কৰে শিশু দিৱস হিচাপে ৷ এখন সমাজ তথা দেশৰ ভৱিষ্যত হিচাপে পৰিচিত শিশুসকলৰ এই বিশেষ দিনটোতে ইটিভি ভাৰতে এজাক বিশেষ শিশুৰ সৈতে গীতে-মাতে উদযাপন কৰিলে শিশু দিৱস ৷ এই বিশেষ দিনটোতে ইটিভি ভাৰতৰ সাংবাদিক গৈ উপস্থিত হ'ল শোষিত,তথা নিজ মৌলিক অধিকাৰৰ পৰাও বঞ্চিত এজাক শিশুৱে বাস কৰা কামৰূপ জিলাৰ ৰঙিয়াৰ বিশেষ শিশুৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত ৷ এই শিশুৱাসটোৰ বিষয়ে মন কৰিবলগীয়া কথাটো হ'ল ইয়াত বসবাস কৰে এসময়ত হোটেল বা গেৰেজত শ্ৰমিক হিচাপে কাম কৰা তথা নিজ জন্মদাতা পিতৃ-মাতৃৰ দ্বাৰাও অৱেহিলত হোৱা ১০ৰ পৰা ১৪ বছৰ বয়সৰ একাংশ ছাত্ৰই ৷ এসময়ত অনাই বনাই ঘূৰি ফুৰা এইসকল শিশুক সৌভাগ্য বশতঃ চাইল্ড লাইন অথবা কোনো সদাশয় ব্যক্তিয়ে থৈ গৈছিল এই বিশেষ আৱাসিক কেন্দ্ৰটোত ৷

শিশু দিৱসৰ দিনা ৰঙিয়াত এজাক বিশেষ শিশুৰ সৈতে ইটিভি ভাৰত

কিন্তু সময় সলনি হ'ল,এতিয়া এইসকল ছাত্ৰই আৱসগৃহতটোতে থাকি আৰম্ভ কৰিছে নিজৰ বিদ্যায়তনিক যাত্ৰা ৷ তিনিগৰাকীকৈ শিক্ষক আৰু তিনিগৰাকী কৰ্মচাৰীয়ে এই বঞ্চিত শিশুসকলক কঠোৰ পৰিশ্ৰমৰ মাজেৰে পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে তেওঁলোকক সাজু কৰিছে বাহিৰৰ পৃথিৱীৰ লগত খোজত খোজ মিলাবলৈ ৷ শিশু দিৱসৰ এই পবিত্ৰ ক্ষণত ইটিভি ভাৰতৰ কেমেৰাৰ সন্মুখত প্ৰতিভাশালী ছাত্ৰসকলে নিজৰ হাতৰ যাদু দেখুৱাই আঁকিলে ছবি,কোনোৱে যদি কৰিলে কবিতা আবৃত্তি আন কোনোবাই কৰি দেখুৱালে "দুখীয়া হোৱাৰ দুখ"ৰ অভিনয়ৰ লগতে গাই শুনালে ভূপেন দাৰ কালজয়ী গীত ৷ মূলসুঁতিৰ সুখ-দুখ বোৰৰ পৰা বহু আতৰত এইসকল ছাত্ৰই প্ৰমাণ কৰি দেখুৱাইছে আগে পিছে কোনো নাথাকিলেও মনস্তাত্বিক ভাৱে কিমান শক্তিশালী হ'ব পাৰে এটি শিশু ৷ আৰু সেই বাবেই হয়টো পণ্ডিত নেহৰুৱে কৈ গৈছে, "প্ৰত্যেকটো শিশু বিশেষ,প্ৰত্যেটো শিশু ভগৱানৰ দান যাৰ এটি মাথো হাঁহিয়ে দূৰ কৰিব পাৰে সকলো বিষাদ" ৷ যি নহওক এই শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত অতি সোনকালে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে ৷ এতিয়া ইয়াৰ বাবেই আশাৰে বাট চাইছে সকলোৱে ৷

আৰু পঢ়ক: শিশু দিৱসঃ দেশৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতি

ABOUT THE AUTHOR

...view details