অসম

assam

ETV Bharat / state

লকডাউনে জুৰুলা কৰা পৰিয়ালক সহায় ৰঙিয়াৰ সমাজকৰ্মীৰ

লকডাউনে জুৰুলা কৰা এটা পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিল ৰঙিয়াৰ এগৰাকী সমাজকৰ্মী ৷ সমাজকৰ্মী গৰাকীৰ এই পদক্ষেপত উৎফুল্লিত পৰিয়ালটি ৷

As_rangia_Rangia_social worker is helping the family affected by the lockdown_vis_AS10040
লকডাউনে জুৰুলা কৰা পৰিয়ালক সহায় ৰঙিয়াৰ সমাজকৰ্মীৰ

By

Published : May 24, 2021, 4:42 PM IST

ৰঙিয়া, 24মে': মহামাৰী কৰ'ণাৰ বাবে বিগত বৰ্ষৰ লকডাউনৰ সময়ত ব্যক্তিগত খণ্ডত কাম কৰা জলিতা নাথ আৰু পৰমেশ্বৰ কলিতাই নিজৰ কৰ্ম সংস্থাপন হেৰুৱাই আৰ্থিক সংকটত ভুগিছিল । ইয়াৰ পাচতে পৰিস্থিতি কিছু শিথিল হোৱাত দুয়োৱে আৰম্ভ কৰিব খুজিছিল এক নতুন জীৱন ৷ কিন্তু কৰ'ণাৰ দ্বিতীয়টো ঢৌৱে পুনৰবাৰ সমস্যাত পেলায় জলিতা নাথ আৰু পৰমেশ্বৰ কলিতাক ৷

লকডাউনে জুৰুলা কৰা পৰিয়ালক সহায় ৰঙিয়াৰ সমাজকৰ্মীৰ

পৰিয়ালটোৰ এই দুৰৱস্থা দেখি মানৱতাৰ পৰিচয় দি এই পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল ৰঙিয়াৰ এগৰাকী সমাজকৰ্মী । অঞ্চলটোৰ উদিয়মান ব্যৱসায়ী তথা সমাজকৰ্মী নিপন ভূঞাই দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াই বিপদৰ পৰা ৰক্ষা কৰিছিল ৷

সমাজকৰ্মী গৰাকীয়ে হস্তবিদ‍্যা থকা জলিতা নাথক এখন মেচিন চালিত তাঁতশাল আৰু এটা গৃহ নিৰ্মাণ কৰি দিয়ে । বেংকে বিভিন্ন অজুহাতত ঋণ নিদিয়া পৰিয়ালটোৱে তাঁতশাল খনেৰে লাহে-লাহে আৰ্থিক ভাৱে সক্ষম হ'বলৈ বিচাৰি পাইছে এক পথ ৷

যাৰ বাবে আনন্দিত হৈ পৰিছে জলিতা আৰু পৰমেশ্বৰ ৷ স্বামী-স্ত্ৰী দুয়ো গৰাকীয়ে লগ হৈ বৈ উলিয়াইছে বিভিন্ন ধৰণৰ মেখেলা-চাদৰ ।

ইপিনে, মহামাৰী কৰ'ণাই তচ-নচ কৰা ঘৰখনক উদ্ধাৰ কৰা সমাজকৰ্মী নিপন ভূঞাক কৃতজ্ঞতা স্বীকাৰ কৰিছে দুয়ো স্বামী-স্ত্ৰীয়ে । ইপিনে, দুৰ্ভগীয়া পৰিয়ালটিক বিপদৰ সময়ত সহায় কৰা সমাজকৰ্মী গৰাকীৰ ধন উভতাই দিয়ে বুলি সাংবাদিকৰ আগত সমাজকৰ্মী গৰাকীয়ে মন্তব্য কৰে ৷

অন্য এক খবৰৰ বাবে:কেৰালাৰ পৰা অহা 9 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি

ABOUT THE AUTHOR

...view details