অসম

assam

ETV Bharat / state

ৰঙিয়াত এম জি এনৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

খৰালি ধূলি আৰু বাৰিষা একাঠু বোকা-পানীৰে ভৰি পৰে পাঁচ লক্ষাধিক টকাৰে মেৰামতিৰ কাম আৰম্ভ হোৱা পথটি ৷

By

Published : Nov 29, 2019, 12:51 PM IST

থটো সঠিকভাৱে নিৰ্মাণৰ দাবী ৰাইজৰ
ৰঙিয়াত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

ৰঙিয়া, 29 নৱেম্বৰ: এম জি এনৰেগাআঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৰঙিয়াৰ ধুহিবালাত ৷ লৰমা গৌৰহাটিৰ, উত্তৰ বৰলীয়া পাৰৰ পথটোৰ মেৰামতিৰ নামত ৰাইজে উত্থাপিত কৰিছে অভিযোগ ৷

অভিযোগ অনুসৰি, প্ৰায় পাঁচ লক্ষাধিক টকাৰে মেৰামতিৰ কাম আৰম্ভ হোৱা পথটি, খৰালি ধূলি আৰু বাৰিষা একাঠু বোকা পানীৰে ভৰি পৰে ৷ পথটোত মাত্ৰ কেইগাড়ীমান মাটি পেলায়েই দায়িত্ব সামৰিছে ঠিকাদাৰে ৷

অতি নিম্ন মানৰ কামৰ ফলত জহি খহি যোৱা পথ

অতি নিম্ন মানৰ কামৰ বাবে জহি-খহি যোৱা পথটোৰ নিৰ্মাণৰ বাবে অহা সৰহখিনি টকা ঠিকাদাৰে আত্মাসাৎ কৰা বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

পথ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে, স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই ৷ পথটো নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ তদন্তৰ লগতে পথটো সঠিকভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে ৷

লগতে পঢ়ক:ধূলাত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details