অসম

assam

By

Published : Aug 25, 2019, 9:18 AM IST

ETV Bharat / state

দুই ভগ্নীক ধৰ্ষণ: এজন গ্ৰেপ্তাৰ

ৰঙিয়া ষ্টেচনৰ সমীপত ৰেলৱে কোৱাৰ্টাৰত বৰপেটাৰ দুই কিশোৰী ভগ্নীক ধৰ্ষণ কৰিছিল ৰেল বিভাগৰ ট্ৰলীমেন কিশোৰী মণ্ডলে ৷ শনিবাৰে আৰ এম এছ কলনিৰ সমীপত আৰক্ষীৰ জালত পৰিল ধৰ্ষণ কাণ্ডৰ অন্যতম অভিযুক্তজন

দুই ভগ্নীক ধৰ্ষণ: এজন গ্ৰেপ্তাৰ

ৰঙিয়া, 25 আগষ্ট: অৱশেষত আৰক্ষীৰ জালত পৰিল ৰঙিয়া ধৰ্ষণ কাণ্ডৰ অন্যতম অভিযুক্ত তথা ধৰ্ষণ সংঘটিত হোৱা ৰেলৱে কোৱাৰ্টাৰৰ গৰাকী কিশোৰী মণ্ডল ৷ শনিবাৰে চহৰখনৰ আৰ এম এছ কলনিৰ পৰা আৰক্ষীয়ে আটক কৰা অভিযুক্ত কিশোৰী পেছাত আছিল এগৰাকী ৰেল বিভাগৰ ট্ৰলীমেন ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে বৰ্তমান কিশোৰীক জেৰা অব্যাহত ৰখাৰ লগতে আন অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

দুই ভগ্নীক ধৰ্ষণ: এজন গ্ৰেপ্তাৰ


উল্লেখযোগ্য যে শনিবাৰে নিশা বৰপেটাৰ দুই কিশোৰী ভগ্নী ডিমাপুৰৰ আত্মীয়ৰ ঘৰৰ পৰা নিজ গৃহলৈ যোৱাৰ উদ্দেশ্যে ৰেল যোগে ৰঙিয়া ষ্টেচনত উপস্থিত হোৱাৰ পিছতে দুজন হকাৰে সহায় কৰাৰ চলেৰে ষ্টেচনৰ সমীপতে থকা এটা ৰেলৰ কোৱাৰ্টাৰলৈ অতি কৌশলেৰে আন 6জন পাষণ্ডৰ লগত দুই ভগ্নীক ওৰে নিশা উপৰ্যুপৰি ধৰ্ষণ কৰিছিল ৷ ধৰ্ষণ কাণ্ডৰ পাছত অঞ্চলটোৰ একাংশ ৰাইজৰ অভিযোগ অধিকাংশ ৰেলৱে কোৱাৰ্টাৰ অবৈধভাৱে বিভিন্ন বাহিৰৰ লোকক ভাৰাত দি আহিছে ৰেল কৰ্মচাৰীয়ে ৷ ইফালে নিৰাপত্তাৰক্ষীৰে গিজ-গিজাই থকা ৰঙিয়া ষ্টেচনৰ সমীপত এনে জঘন্য ঘটনা কেনেকৈ সংঘটিত হবলৈ পালে তাক লৈ এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷

ABOUT THE AUTHOR

...view details