ৰঙিয়া,23 অক্টোবৰ: জালিয়াতি কৰি ৰেলৰ চাকৰিত যোগদান কৰিবলৈ অহা বিহাৰৰ যুৱকক কৰায়ত্ব ৷ ৰেলৰ চাকৰিত জালিয়াতি হয় বুলি প্ৰমাণ পোৱা গ'ল ৰঙিয়া ডিআৰএম কাৰ্যালয়ত । ৰবি কুমাৰ নামৰ বিহাৰৰ প্ৰাৰ্থীজনে ৰঙিয়া ডিআৰএম কাৰ্যালয়ত যোগদান কৰিবলৈ আহোতে বুধবাৰে জালিয়াতি কৰা ধৰা পৰে । ৩০ হাজাৰ টকাৰ বিনিময়ত অন্য যুৱকে তেওঁৰ ঠাইত পৰীক্ষা দিয়া বুলি সংবাদমাধ্যমৰ আগত স্বীকাৰোক্তি দিয়ে ৰবি কুমাৰ নামৰ বিহাৰৰ যুৱকজনে । ৰঙিয়া ডিআৰএম কাৰ্যালয়ত বিহাৰৰ যুৱকজনক সোধা-পোছাৰ পিছত যোগদান কৰিবলৈ নিদিলে বিভাগীয় কৰ্তৃপক্ষই । আনহাতে আছুৱে যুৱকজনৰ সম্পৰ্কে আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে কাৰ্য্যালয়ত উপষ্ঠিত হৈ যুৱকজনক নিজৰ জিম্মাত লয় । ৰেলৰ নিযুক্তি প্ৰক্ৰিয়াত যে জালিয়াতি কৰা হয় এই কথাটো প্ৰমাণ হৈ পৰাত এনে কেলেংকাৰীৰ ন্যায়িক পৰ্যায়ৰ তদন্তৰ দাবী জনাই আছুৱে।
ৰঙিয়াত ৰে'লৰ চাকৰিত যোগদান কৰিবলৈ অহা বিহাৰৰ যুৱকক কৰায়ত্ব
ৰঙিয়াত জালিয়াতি কৰি ৰেলৰ চাকৰিত যোগদান কৰিবলৈ অহা বিহাৰৰ যুৱকক কৰায়ত্ব ৷ ইফালে উত্তৰ গুৱাহাটীত 'হুহটামাকি পিপিএল কোম্পানী'ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ শতাধিক কৰ্মচাৰীৰ
ইফালে থলুৱাক বঞ্চিত কৰি বহিৰাগতক ৰঙা দলিছা পাৰি দিয়াৰ গুৰুতৰ অভিযোগ তুলি বুধবাৰে উত্তৰ গুৱাহাটী হুহটামাকি পিপিএল কোম্পানী(HUHTAMAKI PPL COMPANY)ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় শতাধিক কৰ্মচাৰীয়ে ৷ বিভিন্ন দাবী সন্নিৱিষ্ট বেনাৰ প'ষ্টাৰ লৈ কৰ্মচাৰী সকলে আৰম্ভ কৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত সম্পূৰ্ণ ৰূপে বন্ধ পৰে উদ্যোগতো । ধৰ্মঘটত নমা কৰ্মচাৰী সকলৰ ভিতৰত অধিকাংশই উচ্চ শিক্ষিত যুৱক যুৱতী । উদ্যোগটোৱে চৰকাৰৰ 'নীম'(NEEM) আঁচনিৰ অধীনত অতি কম দৰমহাত শিক্ষিত যুৱক যুৱতী সকলক নিযুক্তি দিছিল যদিও এতিয়া তেওঁলোকক বৰ্খাস্ত কৰাৰ অভিযান আৰম্ভ কৰিছে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই শিক্ষিত যুৱক যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰি বহিঃৰাজ্যৰ লোকক অগ্ৰাধিকাৰ দিয়াত উদ্যোগটোৰ বিৰুদ্ধে জাঙুৰ খাই পৰে প্ৰতিবাদকাৰী সকল ।