অসম

assam

ETV Bharat / state

ৰঙিয়াত মহকুমাধিপতিৰ কাৰ্যালয় ঘেৰাও - ৰঙিয়াত মহকুমাধিপতিৰ কাৰ্যালয় ঘেৰাও

বৰলীয়া নৈৰ মথাউৰি নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷

ৰঙিয়াত মহকুমাধিপতিৰ কাৰ্য্যালয় ঘেৰাও

By

Published : Nov 14, 2019, 7:21 PM IST

ৰঙিয়া, 14 নৱেম্বৰ: বৃহস্পতিবাৰে মথাউৰি নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক ক্ষতিপূৰণৰ দাবীত ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ ৰঙিয়াৰ বৰলীয়া নৈৰ মথাউৰি নিৰ্মাণৰ নামত মাটি ভেটি উচ্ছেদ হোৱা পৰিয়ালক অতি শীঘ্ৰে ক্ষতিপূৰণ প্ৰদানৰ দাবীত শতাধিক প্ৰতিবাদকাৰীয়ে সমদল কৰি উত্তাল কৰি তোলে কাৰ্যালয়টোৰ চৌপাশ ৷

বৰলীয়া নৈৰ মথাউৰি নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীৰে ৰাইজৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ, প্ৰায় দুবছৰ পূৰ্বে গোগমালাছা অঞ্চলৰ ম্যাদী পট্টা মাটিৰ ঘৰ সমূহ ভাঙি মথাউৰিটো নিৰ্মাণ কৰাৰ পাছত সেই সময়ৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অতিশীঘ্ৰে ক্ষতিপূৰণ দিয়া হ'ব বুলি আশ্বাস দিছিল কিন্তু আজিৰ তাৰিখলৈকে সেয়া সম্ভৱপৰ হৈ নুঠিল ৷

আনহাতে,মথাউৰিটো বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ নোহোৱাৰো অভিযোগ স্থানীয় ৰাইজৰ ৷ তেওঁলোকৰ মতে বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ হোৱা নাই বাবেই এজাক বৰষুণতে পানীত ডুব যায় মথাউৰিৰ কাষৰীয়া অঞ্চল ৷

আৰু পঢ়ক: গোলাঘাটত ড্ৰাগছৰ অবাধ সৰবৰাহৰ আঁৰৰ মূল কাণ্ডাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details