অসম

assam

ETV Bharat / state

ৰঙিয়াত বিদ্যুতৰ বাবে প্ৰতিবাদ

ৰাইজৰ অনুৰোধত স্থানীয় বিধায়ক ভৱেশ কলিতাৰ নিৰ্দেশত বিভাগটোৱে প্ৰায় এমাহ পূৰ্বে নতুন ট্ৰেন্সফৰ্মাৰ লগাই যদিও পুনৰ ট্ৰেন্সফৰ্মাটো বিকল হৈ পৰে । বিগত কেইবাদিন ধৰি বানপানীৰ লগতে ভুতৰ ওপৰত দানহ পৰা দি বিদ্যুতৰ লুকাভাকুৱে ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুৱাইছে ।

ৰঙিয়াত বিদ্যুতৰ বাবে প্ৰতিবাদ

By

Published : Jul 22, 2019, 5:44 PM IST

ৰঙিয়া,22 জুলাইঃ ৰঙিয়াত বিদ্যুতকলৈ সমস্যাৰ অন্ত নপৰা হৈছে। সোমবাৰে পুনৰ ৰঙিয়া বৈদ্যুতিক উপ সংমণ্ডল-২ ৰ কাৰ্যালয়ৰ সন্মুখত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ উদিয়ানা শাখাৰ উদ্যোগত শতাধিক মহিলাই ধৰ্ণা দিয়ে।

ৰঙিয়াত বিদ্যুতৰ বাবে প্ৰতিবাদ

উদিয়ানাৰ মৰিয়াটোলাত থকা ট্ৰেন্সফৰ্মাৰটো দুৰ্বল ক্ষমতাসম্পন্ন হোৱাৰ বাবে বহুদিন ধৰি অঞ্চলটোৰ বাসিন্দাই যথেষ্ট কষ্ট ভোগ কৰিব লগীয়া হৈছে। সমস্যাটো সমাধানৰ বাবে ৰাইজৰ অনুৰোধত স্থানীয় বিধায়ক ভৱেশ কলিতাৰ নিৰ্দেশত বিভাগটোৱে প্ৰায় এমাহ পূৰ্বে নতুন ট্ৰেন্সফৰ্মাৰ লগাই যদিও পুনৰ ট্ৰেন্সফৰ্মাৰটো বিকল হৈ পৰে। বিগত কেবাদিন বানপানীৰ লগতে ভুতৰ ওপৰত দানহ পৰা দি বিদ্যুতৰ লুকাভাকুৱে ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুৱাইছে । বিশেষকৈ নিশাৰ ভাগত ভল্টেজ প্ৰায় নথকাৰ লগতে দিনৰ ভাগতো প্ৰায়ে লোডশ্বেডিঙৰ সমস্যাই অশান্তিৰ সৃষ্টি কৰি আহিছে। যাৰবাবে গৰমৰ বন্ধত স্থানীয় লোকসকল বিপদত পৰিছে । সোমবাৰে ৰাইজে পুনৰ পুনৰ আবেদন জনোৱাৰ লগতে প্ৰতিবাদ কৰাৰ পিচত বিভাগটোৰ বিষয়াসকলে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details