অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাস উৎসৱৰ প্ৰস্তুতি

মাজুলীৰ লগতে অন্যান্য প্ৰান্ততো চলিছে ৰাসৰ প্ৰস্তুতি ৷ ৰঙিয়াতো তুংগত উঠিছে ৰাস উৎসৱৰ প্ৰস্তুতি ৷

By

Published : Nov 5, 2019, 12:33 PM IST

ৰাস উৎসৱৰ প্ৰস্তুতি

ৰঙিয়া,মাজুলী,4 নৱেম্বৰঃ সমাগত শাৰদীয় ৰাস মহোৎসৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাস উৎসৱৰ প্ৰস্তুতি ৷ ৰঙিয়াতো তুংগত উঠিছে ৰাসৰ প্ৰস্তুতি ৷ ৰঙিয়াৰ তৰণী, দীপ্তেশ্বৰী, গোপালপুৰ, বালিসত্ৰ ম'হখলী আদি প্ৰতিখন ৰাস মহোৎসৱ সমিতিয়ে ব‍্যাপক আলোকসজ্জা আৰু কাৰিকৰী কৌশলেৰে চমক দিবলৈ সাজু হৈছে । ৰঙিয়াৰ তৰণীত এইবাৰ অনুষ্ঠিত হ'ব ৮৫ তম্ ৰাস মহোৎসৱ । ৰাস মহোৎসৱৰ পূৰ্বে ৭ নৱেম্বৰত নৱনিৰ্মিত হৰিমন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব । ইয়াকলৈ অঞ্চলটোত সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ । সেইদিনা মন্দিৰ উন্মোচন কৰিব মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ।

সমান্তৰালভাৱে ১১ নৱেম্বৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ আৰম্ভ হ'ব । তেনেদৰে ৰঙিয়াৰ ম'হখুলিত ২১ সংখ‍্যক ৰাস মহোৎসৱৰ বাবে ব্যপক প্ৰস্তুতি হাতত লোৱা লৈছে। কলিকতাৰ পৰা অহা শিল্পীৰ দলে মৃণ্ময় মুৰ্তিসমূহত শেষ পৰশ দিয়াত দিনে নিশাই ব‍্যস্ত হৈ পৰিছে। মহোৎসৱৰ সময়লৈ ভগৱান শ্ৰীকৃষ্ণৰ লীলা এই মূৰ্তিসমুহৰ মাজেৰে ভাস্বত হৈ পৰিব। ৰাসৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰাৰ লগতে বহুকেইখন থিয়েটাৰেও প্ৰদৰ্শনীৰ ব‍্যৱস্থা কৰিছে ।

ৰাস উৎসৱৰ প্ৰস্তুতি

মাজুলীত ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতিৰ লগতে দেওবাৰৰ পুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ চামগুৰি সত্ৰৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহ উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত অঙ্কীয়া ভাওনা 'ৰাম বিজয়' মঞ্চস্থ কৰা হয় আৰু এই ভাওনাই মুহিলে হাজাৰ হাজাৰ দৰ্শকক । অসমীয়া জনসমাজৰ পৰা ক্ৰমাৎ হেৰাই যাব খোজা এই অঙ্কীয়া শৈলী ভাওনা নৱ প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰে বিদ্যালয় কৰ্তৃপক্ষই আৰু অভিনয় কৰা ছাত্ৰ ছাত্ৰী সকলৰ এনে সুন্দৰ পদক্ষেপক সঁহাৰি জনাই তেওঁলোকক পুৰস্কৃত কৰে দৰ্শকে ।

ABOUT THE AUTHOR

...view details