ৰঙিয়া,16 এপ্ৰিল: কৰ'ণা ভাইৰাছক প্ৰতিহত কৰাৰ উদ্দেশ্যে ভাৰতত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৷ লক ডাউনৰ দ্বিতীয় পৰ্যায় সফল কৰিবলৈ ইতিমধ্যে কঠোৰ হৈছে ৰঙিয়াৰ আৰক্ষী ৷ লক ডাউনৰ নিয়ম অমান্যকাৰী সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে ৰঙিয়া আৰক্ষীয়ে ৷
দ্বিতীয় পৰ্যায়ৰ লক ডাউন সফল কৰিবলৈ কঠোৰ হৈছে ৰঙিয়া আৰক্ষী - Rangia police
ভাৰতত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৷ লক ডাউন সফল কৰিবলৈ কঠোৰ হৈছে ৰঙিয়া আৰক্ষী ৷
![দ্বিতীয় পৰ্যায়ৰ লক ডাউন সফল কৰিবলৈ কঠোৰ হৈছে ৰঙিয়া আৰক্ষী Rangia police taking strick action in lockdown period](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6811534-thumbnail-3x2-p1.jpg)
দ্বিতীয় পৰ্যায়ৰ লকডাউন সফল কৰিবলৈ কঠোৰ হৈছে ৰঙিয়া আৰক্ষী
দ্বিতীয় পৰ্যায়ৰ লকডাউন সফল কৰিবলৈ কঠোৰ হৈছে ৰঙিয়া আৰক্ষী
উল্লেখ্য যে, লক ডাউনৰ মাজতে নানান অচিলা লৈ ঘৰৰ পৰা বাহিৰ হোৱা বহুলোক ইতিমধ্যেই পৰিছে আৰক্ষীৰ জালত ৷ আইন অমান্য কৰা সকলৰ গাড়ী পথৰ পৰা নি পোনে পোনে আৰক্ষীয়ে থানাৰ চৌহদলৈ লৈ যায় ৷ লক ডাউন শেষ নোহোৱা পৰ্যন্ত ৰঙিয়া থানাতে ৰাখি থোৱা হ'ব এইসমুহ বাহন ৷
লগতে পঢ়কঃ দৰমহাৰ ধনেৰে আৰ্তজনক সহায়ৰ হাত বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ