অসম

assam

ETV Bharat / state

ড্ৰাগছৰ ব্যৱসায় কৰি ৰঙিয়া আৰক্ষীৰ জালত পৰিছে আইতাক-নাতিয়েক - Operation against drugs at Rangia

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Operation against drugs) ৷ ড্ৰাগছৰ ব্যৱসায় চলোৱা অভিযোগত ৰঙিয়া আৰক্ষীৰ জালত পৰিছে আইতাক আৰু নাতিয়েক ৷ লগতে আৰক্ষীয়ে আইতাক নাতিয়েকৰ পৰা লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ আৰু 123 টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

Operation against drugs
ড্ৰাগছৰ ব্যৱসায় কৰি ৰঙিয়া আৰক্ষীৰ জালত পৰিছে আইতাক-নাতিয়েক

By

Published : Oct 10, 2022, 6:44 PM IST

ৰঙিয়া, 10 অক্টোবৰ :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Operation against drugs) ৷ বিভিন্ন সময়ত অসম আৰক্ষীয়ে চলোৱা অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় উদ্ধাৰ কৰি পোহৰলৈ আনিছিল ৰাজ্যত চলি থকা ড্ৰাগছৰ গোপন বেহাৰ ছবিখন ৷ ইয়াৰ পাচৰে পৰা ড্ৰাগছ বিৰোধী অভিযান অধিক ক্ষীপ্ৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷

ইয়াৰ মাজতে দেওবাৰে নিশা ৰঙিয়া আৰক্ষীৰ অভিযানত আটক হৈছে আইতাক আৰু নাতিয়েক (Rangia police detain grandmother and grandson) ৷ ড্ৰাগছৰ ব্যৱসায় চলোৱা অভিযোগত ৰঙিয়া আৰক্ষীয়ে আটক কৰে আইতা আৰু নাতিয়েকক ৷ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰীও (Huge amount of Drugs seized at Rangia) ৷

ড্ৰাগছৰ ব্যৱসায় কৰি ৰঙিয়া আৰক্ষীৰ জালত পৰিছে আইতাক-নাতিয়েক

লগতে পঢ়ক :সুৰাৰ ৰাগীত গৰ্ভৱতী পত্নী আৰু দুবছৰীয়া কন্যাক ঘপিয়াই হত্যা এজন লোকৰ

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ৰঙিয়াৰ উদিয়ানাৰ এটা বাসগৃহত চলাই এক অভিযান (Operation against drugs at Rangia) । এই অভিযানত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ঘৰটোৰ দুগৰাকী সদস্য ক্ৰমে মজনুৰ আলী আৰু তেওঁৰ আইতাক হাচিনা খাতুনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

উক্ত অভিযানৰ সময়চোৱাত আৰক্ষীৰ দলটোৱে লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ আৰু 123 টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে 7000 টকাৰ নগদ ধনো জব্দ কৰে আৰক্ষীৰ দলটোৱে । ইয়াৰ উপৰিও ৰঙিয়া আৰক্ষীয়ে অভিযান চলোৱা বাসগৃহটোৰ পৰা ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 01 EJ 6893 নম্বৰৰ এখন স্কুটীও জব্দ কৰিবলৈ সক্ষম হয় ।

উক্ত ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে ৰঙিয়া থানাত দুই অভিযুক্তক মাৰথন জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে ।

লগতে পঢ়ক :গুৱাহাটী ৰেল ষ্টেচনত নকল সোণসহ আটক এজন

ABOUT THE AUTHOR

...view details