অসম

assam

ETV Bharat / state

মাস্ক আনিব পাহৰিলো: ৰঙিয়াত এচামৰ গা এৰা মন্তব্য - ৰঙিয়া মহা বিদ্যালয়

কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে আতংকময় পৰিবেশ সৃষ্টি কৰাৰ পাচতো মাস্ক পৰিধান কৰা নাই ৰঙিয়াৰ এচাম শিক্ষিত লোকে ৷ ৰাজ্যত ভয়াৱহভাৱে ক’ৰণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাচতো গা লৰা নাই ৰঙিয়াৰ লোক সকলৰ ৷

মাস্ক আনিব পাহৰিলো !
মাস্ক আনিব পাহৰিলো !

By

Published : Apr 21, 2021, 8:31 AM IST

Updated : Apr 21, 2021, 6:13 PM IST

ৰঙিয়া, 21 এপ্ৰিল :দেশৰ লগতে ৰাজ্যত বৃদ্ধি কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ ৷ মঙলবাৰ পৰ্যন্ত 1651গৰাকী লোকৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰাৰ পাচতো গা লৰা নাই ৰঙিয়াৰ একাংশ লোকৰ ৷ প্ৰতিটো প্ৰান্তত ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণৰ লগতে প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড ৰোগীৰ বৰ্ধিত সংখ্যাৰ পিচতো ৰঙিয়াত একাংশ লোকে মানি চলা নাই স্বাস্থ্য বিভাগৰ নীতি নিয়ম তথা ক’ভিডৰ পৰা ৰক্ষা পোৱা প্ৰয়োজনীয় নীতি-নিয়ম সমূহ ৷

মাস্ক আনিব পাহৰিলো: ৰঙিয়াত এচামৰ গা এৰা মন্তব্য

ক'ৰণা ভাইৰাছ অথবা আৰক্ষীলৈ একেবাৰেই কেৰেপ কৰা নাই নিজ ময়মতালিৰে চলা এইসকল লোকে । ৰঙিয়াত মাস্ক অবিহনে ওলাই অহা দেখা গ’ল বিভিন্নজনক ৷ বিভিন্ন অজুহাত দেখুওৱাৰ লগতে অৰ্থহীন মন্তব্য আগবঢ়ায় একাংশই, মাস্ক নিপিন্ধা এচামৰ মন্তব্য; মাস্ক কেনেকৈ পিন্ধে তেওঁলোকে নাজানে আন এচামে আকৌ ঘৰতেই মাস্কখন পাহৰি অহা বুলি মন্তব্য় কৰে ।

কোনোবাই যদি থুতৰিৰ তলত মাস্ক পিন্ধিছে, আন কোনোবাই আকৌ কাণত আঁৰি ৰাখিছে নিজৰ মাস্কখন । কোনোধৰণৰ সামাজিক দূৰত্ব মানি নচলা এইসকল লোকে সাংবাদিকক দেখিলে মাস্ক পিন্ধিবলৈ চেষ্টা কৰে । উল্লেখ্য যে, যদি সঁচাকৈয়ে এইসকল শিক্ষিত লোক এনেকৈ মাস্ক পৰিধান নকৰাকৈ ওলাই আহে তেন্তে নিজৰ লগতে নিজৰ পৰিয়ালটোৰো জীৱনলৈ নামি আহিব পাৰে মাৰাত্মক বিপদ ।

কিন্তু ইয়াৰ মাজতো আছে এচাম সচেতন লোক যিয়ে মানি চলিছে ক'ভিডৰ সকলো নীতি-নিয়ম। মাস্ক পৰিধান কৰি ওলাই অহাৰ লগতে মানি চলিছে শাৰীৰিক দূৰত্ব। ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও মানিছে সকলো নিয়ম। লগতে ৰাইজলৈ আবেদন জনাইছে যাতে সকলোৱে নীতি-নিয়মবোৰ ভালদৰে পালন কৰি নিজৰ লগতে আন সকলোকে সুৰক্ষিত কৰি ৰাখে ৷

লগতে পঢ়ক:প্ৰতিষেধক গ্ৰহণৰ পাছতো ক'ভিডত আক্ৰান্ত চিকিৎসক

Last Updated : Apr 21, 2021, 6:13 PM IST

ABOUT THE AUTHOR

...view details