অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ পৰা বঞ্চিত ৰঙিয়াবাসী - rangia

ৰঙিয়াত উলংঘা হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ৷ মৰাঞ্জনা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেকেনিকুছী গাঁৱৰ 20 ঘৰ মানুহে বিগত প্ৰায় 5 বছৰৰ পৰা লাভ কৰা নাই চৰকাৰী চাউল । লকডাউনৰ সময়ছোৱাতো কোনোধৰণৰ চৰকাৰী সাহাৰ্য লাভ নকৰাৰ অভিযোগ তুলিছে হিতাধিকাৰীসকলে ৷

rangia people deprived from state food safety act
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ পৰা বঞ্চিত ৰঙিয়াবাসী

By

Published : Jan 2, 2021, 8:18 AM IST

Updated : Jan 2, 2021, 8:47 AM IST

ৰঙিয়া,2 জানুৱাৰী : ৰঙিয়াৰ কেকেনিকুছী গাঁৱত দৰিদ্ৰ হিতাধিকাৰীৰ অন্ন সুৰক্ষাৰ বাবে প্ৰণয়ন কৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখন উলংঘা কৰা হৈছে ৷ মৰাঞ্জনা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনৰ প্ৰায় 20 ঘৰ মানুহে বিগত প্ৰায় 5 বছৰৰ পৰা লাভ কৰা নাই চৰকাৰী চাউল ।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ পৰা বঞ্চিত ৰঙিয়াবাসী

গাঁওখনৰ পৰিয়ালসমূহে এবাৰ পঞ্চায়তত, এবাৰ যোগান বিভাগৰ কাৰ্যালয়ত ঘূৰি এতিয়া ভাগৰি পৰিছে । প্ৰতিবাৰেই দুয়োটা বিভাগেই নিজৰ দোষ আনৰ গালৈ ঠেলি দি হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । তেওঁলোকে এতিয়ালৈকে চাৰিবাৰকৈ সকলো নথি-পত্ৰ জমা দিছে কাৰ্যালয়ত। কিন্তু বিভিন্ন অজুহাতৰ বাবে তেওঁলোকক যোৱা প্ৰায় 5 বছৰে বঞ্চিত কৰি ৰখা হৈছে আইনখনৰ সুৰক্ষাৰ পৰা ।

ক’ভিডৰ আতংকৰ মাজত অভাৱ-অনাটনৰ মাজেৰে দিন অতিবাহিত কৰা হিতাধিকাৰীসকলে লকডাউনৰ সময়ছোৱাত কোনোধৰণৰ চৰকাৰী সাহাৰ্য লাভ নকৰা বুলি জানিবলৈ দিয়ে । চৰকাৰী মেৰপাকৰ ওচৰত হাৰ মানি এইসকল লোকে ইটিভিৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছে যাতে চৰকাৰে তেওঁলোকৰ ওপৰত সু-দৃষ্টি দি আঁচনিখনত অন্তৰ্ভুক্ত কৰি সকাহ প্ৰদান কৰে ।

লগতে পঢ়ক :বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

Last Updated : Jan 2, 2021, 8:47 AM IST

ABOUT THE AUTHOR

...view details