অসম

assam

ETV Bharat / state

ৰাম মন্দিৰ হ’লে ৰাম ৰাজ্যও স্থাপন হ’ব : ভৱেশ কলিতা

সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো অযোধ্যা ভূমি পূজনক লৈ উৎসৱ মূখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয় । ৰঙিয়াত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰে সকলোৱে । ৰঙিয়া তিনি আলিৰ হনুমান মন্দিৰৰ সমীপত বজৰংগ দলে পাঁচ হাজাৰ চাকি প্ৰজ্বলন কৰাৰ বিপৰীতে ৰঙিয়াৰ মুৰাৰাত এহেজাৰ চাকি প্ৰজ্বলন কৰে ৰাম সেনাই ।

By

Published : Aug 5, 2020, 11:54 PM IST

ayodhya ram temple
ayodhya ram temple

ৰঙিয়া, 5 আগষ্ট : দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পেলাই উচ্চতম ন্যায়ালয়ে ৰায়দান দিয়াৰ পাচত বুধবাৰে অযোধ‍্যাত ৰাম মন্দিৰৰ ভূমি পূজা সম্পন্ন হ’ল। এইবাবে সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো উৎসৱ মূখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয় । আবতৰীয়া দীপান্নিতা পাতি ৰঙিয়াত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰে সকলোৱে । ৰঙিয়া তিনিআলিৰ হনুমান মন্দিৰৰ সমীপত বজৰংগ দলে পাঁচ হাজাৰ চাকি প্ৰজ্বলন কৰাৰ বিপৰীতে ৰঙিয়াৰ মুৰাৰাত এহেজাৰ চাকি প্ৰজ্বলন কৰে ৰাম সেনাই ।

ৰাম মন্দিৰ হ’লে ৰাম ৰাজ্যও স্থাপন হ’ব : ভৱেশ কলিতা

সকলোৱে মিলি আতচবাজী ফুটাই আনন্দ স্ফূৰ্তি কৰাৰ লগতে মিঠাই আৰু প্ৰসাদ বিতৰণ কৰে । এই উৎসৱত ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাইয়ো অংশগ্ৰহণ কৰে। ৰাম মন্দিৰ স্থাপনৰ লগতে ৰামৰাজ‍্যও স্থাপন হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰে। উল্লেখ্য যে, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাম মন্দিৰৰ ভূমি পূজনক লৈ ৰাইজৰ মাজত উচাহ বৃদ্ধি পাইছে ৷ বিভিন্ন মঠ-মন্দিৰত বুধবাৰৰ দিনটোত পূজা-পাঠ কৰাৰ লগতে সন্ধিয়া সময়ত চাকি-বন্তি জ্বলায় আলোময় পৰিৱেশৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক :EIA 2020ৰ বিৰুদ্ধে 'মেইল ষ্ট্ৰোম' কাৰ্যসূচী

ABOUT THE AUTHOR

...view details