অসম

assam

By

Published : Aug 20, 2019, 6:39 PM IST

ETV Bharat / state

ৰঙিয়াৰ ৮৫ বছৰীয়া নাগাৰা পাঠক ৰঞ্জিত দাসৰ কথা কোনে শুনিব ?

দৰিদ্ৰতাই কোঙা কৰা নাগাৰা শিল্পী ৰঞ্জিত দাসে এসাজ খাবৰ বাবে এতিয়া বিক্ৰী কৰিব লগীয়া হৈছে নিজৰ পদক ৷ চৰকাৰক তিনিবাৰ আবেদন জনাইও এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম নহ'ল শিল্পী পেঞ্চন ৷

দৰিদ্ৰতাই কোঙা কৰা নাগাৰা শিল্পী ৰঞ্জিত দাস

ৰজাঘৰীয়াৰ চকুৰ পৰা বহু দুৰৈত : এগৰাকী দৰিদ্ৰ নাগাৰা শিল্পীৰ জীৱন সংগ্ৰাম

ৰঙিয়া, 20 আগষ্ট:ৰঙিয়াত এগৰাকী দৰিদ্ৰ শিল্পীৰ দুৰৱস্থা ৷ এই দুৰ্ভগীয়া শিল্পী গৰাকী হৈছে বালিসত্ৰৰ নাগাৰা নাম শিল্পী ৰঞ্জিত দাস ৷ প্ৰায় সাত দশকজুৰি সমগ্ৰ ৰাজ্যতে নাগাৰা নামৰ পাঠক হিচাপে সুখ্যাতি অৰ্জন কৰিছিল শিল্পী ৰঞ্জিত দাসে ৷ কিন্তু আৰ্থিক দৈন্যতাই এতিয়া বেয়া কৈ কোঙা কৰিছে ৮৫ বছৰীয়া শিল্পী গৰাকীয়ে যাৰ ফলত এতিয়া অভাৱ-অনাটনৰ মাজেৰে শিল্পীগৰাকীয়ে অতিবাহিত কৰিবলগীয়া হৈছে দিন ৷ 1947 চনতে কেইগৰাকীমান সমনীয়াৰ সৈতে মিলি এটা নাগৰা নাম দল গঠন কৰা দাসে গুৱাহাটীৰ হাতীগাঁও,ৰুক্মিণীনগৰ,বাঘৰবৰী,গৰলীয়া খানাপাৰা আদি বিভিন্ন ঠাইত নাগাৰা নামৰ প্ৰশিক্ষণো দিছিল ৷

ৰঞ্জিত দাসে ১৯৬২ চনৰ পৰা নাগাৰা নামৰ মুঠ ২১ টাকৈ নামৰ কাহিনী আখ্যান ৰচনা কৰাৰ লগতে পৰিৱেশন কৰি ধৰ্মপ্ৰাণ ৰাইজৰ হৃদয় জয় কৰিবলৈও সক্ষম হৈছিল ৷ কিন্তু আৰ্থিক দৈন্যতাত বৰ্তমান নিজৰ পদক পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে তিনিবাৰ চৰকাৰৰ ওচৰত শিল্পী পেঞ্চনৰ বাবে আবেদন কৰি নাকচ হোৱা শিল্পী গৰাকীয়ে ৷ বিগত কেই বছৰ মানৰ পৰা বাৰ্দ্ধক্যজনিত কাৰণত নাগাৰা নাম গাবলৈ অসমৰ্থ হৈ পৰা শিল্পী গৰাকীয়ে বৰ্তমান জুপুৰি এটাত দৰ্জী কাম কৰি কোনোমতে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে ৷

বৰ্তমান একাংশ ৰাজনৈতিক নেতাৰ আৰ্শীবাদপুষ্ট শিল্পীয়ে অতি সহজেই শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা সময়ত ৰঞ্জিত দাসৰ দৰে প্ৰকৃত শিল্পীয়ে প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ABOUT THE AUTHOR

...view details