ৰঙিয়া, আগষ্ট 6 : বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰক দ্বি-খণ্ডিত কৰি বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰা কাৰ্যক আদৰণি জনাইছে এবছু, এন ডি এফ বি আৰু পি জে এ চি বি এমে ৷ উল্লেখ্য যে, সোমবাৰে ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহে কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 আৰু 35(ক) প্ৰত্যাহাৰ কৰি জম্মু-কাশ্মীৰ আৰু লাডাখক সুকীয়াকৈ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াই ৷ এই প্ৰস্তাৱক গৰিষ্ঠ সংখ্যক সদস্যই সন্মতি জনোৱাত প্ৰস্তাৱটি গৃহীত কৰা হয় ৷ ইয়াৰ পাচতেই সমগ্ৰ দেশতে চৰকাৰৰ এই স্থিতি সন্দৰ্ভত সৰৱ আলোচনা হয় ৷
কাশ্মীৰৰ অচিলাৰে পুনৰ সুকীয়া বড়োলেণ্ড গঠনৰ দাবী - এন ডি এফ বি
ৰঙিয়া প্ৰেছ ক্লাৱত মঙলবাৰে অনুষ্ঠিত এখন যৌথ সংবাদ মেলত এবছুৰ সভাপতি প্ৰমোদ বড়ো , এন ডি এফ বি (প্ৰগতিশীল) ৰ সভাপতি গোবিন্দ বসুমতাৰী আৰু পি জে এ চি বি এমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়োৱে বড়োভূমিত শান্তি , উন্নয়ন আৰু সম মৰ্যদাৰ বাবে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী ন্যায্য বুলি মত প্ৰকাশ কৰে ।
![কাশ্মীৰৰ অচিলাৰে পুনৰ সুকীয়া বড়োলেণ্ড গঠনৰ দাবী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4058661-thumbnail-3x2-ndfb.jpg)
জম্মু-কাশ্মীৰৰ আৰু লাডাখক কেন্দ্ৰীয় চৰকাৰে দ্বি-খণ্ডিত কৰাৰ দৰে পৃথক বড়োলেণ্ডৰ দীৰ্ঘদিনীয়া দাবীকো শীঘ্ৰে মান্যতা প্ৰদানৰ আহ্বান জনাই এন ডি এফ বি আৰু এবছু আদি সংগঠনে ৷ ৰঙিয়া প্ৰেছ ক্লাৱত মঙলবাৰে অনুষ্ঠিত এখন যৌথ সংবাদ মেলত এবছুৰ সভাপতি প্ৰমোদ বড়ো , এন ডি এফ বি (প্ৰগতিশীল) ৰ সভাপতি গোবিন্দ বসুমতাৰী আৰু পি জে এ চি বি এমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়োৱে বড়োভূমিত শান্তি , উন্নয়ন আৰু সম মৰ্যদাৰ বাবে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী ন্যায্য বুলি মত প্ৰকাশ কৰে । গোবিন্দ বসুমতাৰীয়ে কয় যে, যদি উগ্ৰপন্থী সমস্যা সমাধানৰ বাবে জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰি ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে , তেন্তে অস্ত্ৰৰ ভাষাহে ভাৰত চৰকাৰে বুজি পায় নেকি? কাশ্মীৰত সশস্ত্ৰ সংগ্ৰামে তীব্ৰ ৰূপ ধাৰণ কৰাৰ বাবে যদি এনেধৰণৰ সিদ্ধান্ত লৈছে , তেন্তে বিভিন্ন যুক্তিসংগত দাবীত গণতান্ত্ৰিকভাৱে আন্দোলন কৰা সংগঠন সমূহক এই চৰকাৰখনে আওকাণ কৰিব নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ লগতে শীঘ্ৰে বড়োলেণ্ড ৰাজ্য গঠনৰ বাবে দাবী জনায় গোবিন্দ বসুমতাৰীয়ে ।