ৰঙিয়া, 2 মাৰ্চ : শাম কটা নাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ (Russia Ukraine war)৷ বুধবাৰে সাত দিন অতিক্ৰম কৰিলে এই যুদ্ধই ৷ এতিয়াও ইউক্ৰেইনৰ অপৰ আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই (Russia's attack on Ukraine)৷ ৰাছিয়ান সেনাবাহিনীৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে দেশখনৰ বহু অঞ্চল ৷ ইয়াৰ মাজতে প্ৰাণৰ মমতাত ইউক্ৰেইন এৰিছে বিভিন্ন দেশৰ পৰা গৈ বাস কৰা লোকসকলে ৷ যাৰ মাজত আছে বহু ভাৰতীয় ৷
ভাৰত চৰকাৰ আৰু ভাৰতীয় দূতাবাসে ইতিমধ্যে যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী তথা আন ভাৰতীয়ক উদ্ধাৰ কৰি ভাৰতলৈ আনিছে (India's rescue operation in Ukraine)৷ এইসকলৰ মাজত অসমৰো বহ ছাত্ৰ-ছাত্ৰী আছে ৷ যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা ওভতি আহিল ৰঙিয়াৰ মণিষা ৱাহিদ (Student from Ukraine reached home in Rangia)। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা মঙলবাৰে নিশা দিল্লী হৈ নিজৰ ঘৰত উপস্থিত হয় মণিষা ।
যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা ওভতি আহিল ৰঙিয়াৰ মণিষা ৱাহিদ সুদীৰ্ঘ ২২ ঘন্টা হাংগেৰী হৈ ভাৰতলৈ আহিছিল মণিষা । যোৱা ছটা দিনে ইউক্ৰেইনত এটি গৃহৰ ভিতৰত নিজক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে আৱদ্ধ হৈ আছিল মণিষা । ধন আৰু খাদ্যৰ অভাৱত এসাঁজ খাই এসাঁজ লঘোনে থাকিবলৈ বাধ্য হৈছিল অসমৰ পৰা যোৱা প্ৰায় ডেৰ শতাধিক ছাত্র-ছাত্ৰী ।
যুদ্ধ আৰম্ভ হোৱাৰে পৰা কিদৰে হাতৰ মুঠিত জীৱন লৈ থাকিবলৈ বাধ্য হৈছিল সেই কথা বিস্তৃতভাৱে বৰ্ণনা কৰিলে মণিষা ৱাহিদে । অৱশেষত ভাৰত চৰকাৰে ওভতাই আনিলে ইউক্ৰেইনত আৱদ্ধ বহু ছাত্র-ছাত্ৰীক । মণিষা নিজ গৃহত উপস্থিত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে মণিষাৰ পৰিয়ালবৰ্গ । ভাৰত চৰকাৰক বৰ্তমানেও ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰৰ বাবে আহ্বান জনাইছে মনিষা আৰু পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক :Russia Ukraine crisis : ইউক্ৰেইন সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰে নৰেন্দ্ৰ মোডীৰ আলোচনা