অসম

assam

ETV Bharat / state

ৰঙিয়াত শ্ৰমিক আইন উলংঘা - উলংঘা

ৰঙিয়াৰ মৰাণজানৰ ঔদ্যোগিক পামত উলংঘা শ্ৰমিক আইন ৷ ঔদ্যোগিক পামসমূহত নাই শ্ৰমিকৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা ৷ কৰ্মৰত অৱস্থাত এজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱা ঘটনাৰ পিছত উদ্যোগ কৰ্তৃপক্ষই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰা বুলি অভিযোগ ৷ শ্ৰমিক আইনৰ উলংঘাৰ বাবে এক উচিত তদন্তৰ দাবী জনাইছে ৰঙিয়াৰ শ্ৰমিক সমাজে ৷

ৰঙিয়াত শ্ৰমিক আইন উলংঘা

By

Published : Aug 24, 2019, 2:53 PM IST

ৰঙিয়া, 24 আগষ্টঃ ৰঙিয়াৰ মৰাণজানৰ ঔদ্যোগিক পামত উলংঘা শ্ৰমিক আইন৷ শ্ৰমিকৰ ওপৰত অতিৰিক্ত হেচাঁ প্ৰয়োগ মালিক পক্ষৰ ৷ শ্ৰম বিভাগৰ নিয়ম অনুসৰি শ্ৰমিকে দিনত 8 ঘণ্টাহে কৰ্মত নিয়োজিত কৰাব পাৰে কিন্তু মৰাণজানত শ্ৰমিকক 12 ঘণ্টাকৈ নিয়োজিত কৰোৱাৰ প্ৰতিবাদত জাঙুৰ খাই উঠে শ্ৰমিক সন্থা ৷ ঔদ্যোগিক পামসমূহত নাই শ্ৰমিকৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা ৷ শ্ৰমিকসকলে অতি বিপদজনকভাৱে নিজৰ কাম কৰিবলগীয়া হৈছে ৷ আজি কিছুদিন পূৰ্ব্বে কৰ্মৰত অৱস্থাত এজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱা ঘটনাৰ পিছত উদ্যোগ কৰ্তৃপক্ষই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ জয়বাবা নামৰ উদ্যোগটোত এই ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় অৰ্ধ-শতাধিক শ্ৰমিকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ ইয়াৰোপৰি শ্ৰমিকসকলৰ ওপৰত অকথ্য মানসিক নিৰ্যাতন চলোৱাৰ কথা ব্যক্ত কৰে শ্ৰমিক পক্ষই ৷ শ্ৰমিক আইনৰ উলংঘাৰ বাবে এক উচিত তদন্তৰ দাবী জনাইছে ৰঙিয়াৰ শ্ৰমিক সমাজে ৷

ৰঙিয়াত শ্ৰমিক আইন উলংঘা

ABOUT THE AUTHOR

...view details