অসম

assam

ETV Bharat / state

ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহক সভা

আন্দোলন কৰি গঠন কৰা মাত্ৰ ৭০ টা সংগঠনে এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে বিজেপিৰ। সাগৰৰ তলৰ পানীৰ দৰে বিজেপিক ৭০ টা সংগঠনে একো কৰিব নোৱাৰে বুলি দৃঢ় মত পোষণ কৰে দাসে ।

rangia kisan morcha executive meeting held
ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ ৰাজ‍্যিক কাৰ্যনিবাহক সভা অনুষ্ঠিত

By

Published : Oct 16, 2020, 7:10 PM IST

Updated : Oct 16, 2020, 8:25 PM IST

ৰঙিয়া,16 অক্টোবৰঃ "নতুন কৃষি আইনৰ বিষয়ে ভালদৰে নাজানি বিৰোধীয়ে এনেয়ে প্ৰতিবাদ কৰি ৰাইজক বিভ্ৰান্ত কৰি আছে। কৃষকে যাতে উৎপাদিত শষ্যৰ উচিত মূল্য পাই তাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে এই নতুন কৃষি আইন।" শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ ৰাজ‍্যিক কাৰ্য‍নিৰ্বাহকত অংশগ্ৰহণ কৰিবলৈ আহি এনেদৰে মন্তব্য কৰে ৰাজ‍্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ ৰাজ‍্যিক কাৰ্যনিবাহক সভা অনুষ্ঠিত

ইপিনে নতুন ৰাজনৈতিক দলক কটাক্ষ কৰি সভাপতি ৰঞ্জিত দাসে কয় যে,বিজেপি দলৰ ৪২ লাখ কৰ্ম কৰ্তা আছে,লগতে আছে ২৮ হাজাৰটা সংগঠন। আন্দোলন কৰি গঠন কৰা মাত্ৰ ৭০ টা সংগঠনে এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে বিজেপিৰ। সাগৰৰ তলৰ পানীৰ দৰে বিজেপিক ৭০ টা সংগঠনে একো কৰিব নোৱাৰে বুলি দৃঢ় মত পোষণ কৰে দাসে ।

আনহাতে বিজেপিয়েহে অসমত জাতীয়তাবাদৰ কাম কৰি আহিছে বুলি ৰঞ্জিত দাসে উল্লেখ কৰি কয় যে,সত্ৰৰ ভূমি বেদখল মুক্ত কৰা,ভূমি পুত্ৰক ভূমিৰ পট্টা দিয়া আদিকে ধৰি জাতি মাটি ভেঁটিৰ হকে কাম কৰিছে বিজেপিয়ে। লগতে কৃষক মুক্তিক আক্ৰমণ কৰি তেওঁ কয় যে কৃষক মুক্তিৰ কৰ্মকৰ্তাই কোনো দিনে কৃষকৰ সমস্যাৰ বুজ লোৱা নাই। বিজেপিয়েহে কৃষকৰ সুখ-দুখৰ সমভাগী হৈ আহিছে। বিজেপিৰ লাখ লাখ কৰ্মীয়ে কৃষকৰ ঘৰে ঘৰে গৈ সম্পৰ্ক স্থাপন কৰিছে ।

লগতে পঢ়কঃ SI কেলংকাৰীৰ সন্দৰ্ভত বৰপেটাত CIDৰ অভিযান

Last Updated : Oct 16, 2020, 8:25 PM IST

ABOUT THE AUTHOR

...view details