ৰঙিয়া,12 মাৰ্চঃৰঙিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ নিৰ্মাণৰ এদিন পিছতেই চকলা-চকলকৈ খহিল ৰঙিয়া-কাউৰবাহাৰ এটা পথ ৷ ব্লেক টেপিঙেৰে পথটো নিৰ্মাণৰ এদিন পিছতে চকলা-চকলকৈ খহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অতি নিম্ন মানৰ কামেৰে নিৰ্মাণৰ কাম কৰাৰ বাবে নৱ নিৰ্মিত পথটোৰ ব্লেকটেপিং উঠি যাবলৈ ধৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।
নিৰ্মাণৰ এদিন পিছতেই খহিল ৰঙিয়া-কাউৰবাহা পথ
ৰঙিয়া-কাউৰবাহা পথৰ মাদৈকাটাত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি । ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বিভাগীয় কৰ্তৃপক্ষক তদন্তৰ দাবী জনালে ৰাইজে ৷
নিৰ্মাণৰ এদিন পিছতেই খহিল ৰঙিয়া-কাউৰবাহা পথ
উল্লেখ্য যে পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জহি খহি গৈ দ খাৱৈত পৰিণত হৈছিল। ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ অৱশেষত সমাধান হ'ল যদিও পথটো নিৰ্মাণ কৰাৰ এদিন পিছতেই চকলা-চকলকৈ খহিবলৈ আৰম্ভ কৰিছে। এইক্ষেত্ৰত পথটো নিৰ্মাণৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি তদন্ত বিচাৰিছে ৰাইজে । লগতে আঁচনি অনুসৰি সঠিকভাৱে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷
লগতে চাওকঃইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বৰাকত কৰ’না ভাইৰাছত আক্ৰান্তৰ খবৰ নসাৎ কৰিলে স্বাস্থ্য বিভাগে