অসম

assam

ETV Bharat / state

'কা' সম্পৰ্কে স্থিতি স্পষ্ট নহয় ৰঙিয়াৰ জে ডি (ইউ)ৰ প্ৰাৰ্থীৰ

বৰ্তমান অসমৰ প্ৰেক্ষাপটত এক জলন্ত বিষয় 'কা' সম্পৰ্কে স্পষ্টকৈ ক’ব নোৱাৰা প্ৰাৰ্থীগৰাকীয়ে আকৌ দাবী কৰিলে ৰাইজে তেওঁৰ শিক্ষাগত অৰ্হতাৰ বাবে তেওঁক ভোট দিব ।

By

Published : Mar 29, 2021, 10:20 PM IST

Rangia jdu biswajeet Brahma election campaign
'কা' সম্পৰ্কে স্থিতি স্পষ্ট নহয় ৰঙিয়াৰ জে ডি (ইউ)ৰ প্ৰাৰ্থীৰ

ৰঙিয়া, 29 মাৰ্চ:চলিত অসম বিধানসভা নিৰ্বাচনত ৫৭ নং ৰঙিয়া সমষ্টিত এইবাৰ আঠগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে । ইয়াৰে এগৰাকী হৈছে জে ডি (ইউ)ৰ প্ৰাৰ্থী বিশ্বজিৎ ব্ৰহ্ম । সমষ্টিটোত নিৰৱে প্ৰচাৰ চলোৱা প্ৰাৰ্থীগৰাকীয়ে পিছে 'কা' সম্পৰ্কে নিজৰ স্থিতি স্পষ্ট কৰিব নোৱাৰিলে । সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে 'কা' তেওঁ ভালো নাপায় বেয়াও নাপায় ।

'কা' সম্পৰ্কে স্থিতি স্পষ্ট নহয় ৰঙিয়াৰ জে ডি (ইউ)ৰ প্ৰাৰ্থীৰ

বৰ্তমান অসমৰ প্ৰেক্ষাপটত এক জলন্ত বিষয় 'কা' সম্পৰ্কে স্পষ্টকৈ ক’ব নোৱাৰা প্ৰাৰ্থীগৰাকীয়ে আকৌ দাবী কৰিলে ৰাইজে তেওঁৰ শিক্ষাগত অৰ্হতাৰ বাবে তেওঁক ভোট দিব । আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই প্ৰচাৰ চলাবলৈ অহা সম্পৰ্কে কয় যে সময় সুবিধা নিমিলাৰ বাবে তেওঁৰ হৈ কোনোৱেই আহিব নোৱাৰিলে । আনহাতে নিৰ্বাচনত ৰাইজে বিবেক ভোট দিব বুলি কৈ তেওঁৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে জানিবলৈ দিয়ে । তেওঁ কয় যে মূলতঃ ৰঙিয়াৰ নিবনুৱা সমস্যা আৰু বানপানী সমস্যা সমাধানেই তেওঁৰ মুখ্য উদ্দেশ্য হ’ব ।

লগতে পঢ়ক :ঢাকা মছজিদ আক্ৰমণ: 600 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details