ৰঙিয়া,২৬ এপ্ৰিলঃ :চাৰি বছৰ পূৰ্বে উদ্বোধন হোৱা ৰঙিয়াৰ আই টি আই কলেজত বৰ্তমানলৈকে হোৱা নাই এটাও ক্লাছ। ক্ৰমান্বয়ে ধ্বংস হ'বলৈ ধৰিছে ৰঙিয়াৰ মাহতলিস্থিত এই কাৰিকৰী প্ৰতিষ্ঠান খন । চাৰিওফালৰ পৰা হাবি-জংঘলৰে আৱৰি ধৰা কলেজখন বৰ্তমান ভূত বাংলা সদৃশ হৈছে । শাসকীয় কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে কলেজখন আৰম্ভ কৰাৰ ক্ষেত্ৰত । উল্লেখ্য যে, প্ৰায় ৬ বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত তুলসীবাৰীৰ মাহতলিত ৰাইজে দান কৰা মাটিত এই কাৰিকৰী প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল ।
কলেজ উদ্বোধন হ'ল ঠিকেই , কিন্তু চাৰিবছৰে পাঠদান নহ'ল কলেজত ! - আই টি আই
ভূত বাংলাত পৰিণত হৈছে ৰঙিয়াৰ আই টি আই কলেজ । চাৰিওফালৰ পৰা হাবি-জংঘলে আৱৰি ধৰিছে কলেজখন । চাৰি বছৰৰ পূৰ্বে কলেজখন উদ্বোধন হোৱাৰ পাছতো এই পৰ্যন্ত আৰম্ভ হোৱা নাই এটাও ক্লাছ ।
ভূত বাংলাত পৰিণত হৈছে ৰঙিয়া আই টি আই কলেজ