অসম

assam

By

Published : Aug 15, 2019, 8:10 PM IST

ETV Bharat / state

73তম স্বাধীনতা দিৱস: ৰঙিয়াত পুলিচ মেডেলৰ বাবে মনোনীত তিনিজন

ৰঙিয়াত স্বাধীনতা দিৱস পালন ৷ ইণ্ডিয়ান পুলিচ মেডেলৰ বাবে মনোনীত সশস্ত্ৰ সীমা বলৰ তিনিজন বিষয়া ৷

73তম স্বাধীনতা দিৱস: ৰঙিয়াত পুলিচ মেডেলৰ বাবে মনোনীত তিনিজন

ৰঙিয়া, 15 আগষ্ট: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বৃহস্পতিবাৰে কামৰূপ জিলাৰ ৰঙিয়াতো উদযাপন কৰা হয় 73তম স্বাধীনতা দিৱস ৷ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ে ৷ পতাকা উত্তোলন কৰি মহকুমাধিপতি গৰাকীয়ে অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইডৰ অভিবাদন গ্ৰহণ কৰে ।

ইফালে সশস্ত্ৰ সীমা বলৰ ৰঙিয়া ছেক্টৰ হেডকোৱাটাৰতও পালন কৰা হয় স্বাধীনতা দিৱস, য'ত পতাকা উত্তোলন কৰে আই জি ডব্লিউ নৰব' ইবিয়ে । উল্লেখযোগ্য যে, এইবাৰ ৰঙিয়া সশস্ত্ৰ সীমা বলৰ তিনিগৰাকী বিষয়াৰ নাম ইণ্ডিয়ান পুলিচ মেডেলৰ বাবে মনোনীত কৰা হৈছে । তেঁওলোক ক্ৰমে এছ এছ বি ৰঙিয়া ছেক্টৰ হেডকোৱাটাৰৰ ডি আই জি ডব্লিউ নৰব' ইবি, কমাণ্ডেণ্ট বলৱান সিং আৰু ইণ্চপেক্টৰ ভগত ৰাম ।

ৰঙিয়াত স্বাধীনতা দিৱস পালন: পুলিচ মেডেলৰ বাবে মনোনীত তিনিজন
ইণ্ডিয়ান পুলিচ মেডেলৰ বাবে মনোনীত সশস্ত্ৰ সীমা বলৰ তিনিজন বিষয়া

ABOUT THE AUTHOR

...view details