অসম

assam

ETV Bharat / state

ৰঙিয়াৰ কণমানি হিমাশ্ৰীক সহায়ৰ প্ৰয়োজন

ৰঙিয়াৰ দেউলকুছি নিবাসী কণমানি হিমাশ্ৰীক সহায়ৰ প্ৰয়োজন ৷ মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে কণমানি হিমাশ্ৰীয়ে ৷ দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়া হিমাশ্ৰীৰ দ্বিজেন দাসে চৰকাৰৰ লগতে সহৃদয়ৱান ব্যক্তি তথা দল-সংগঠনক সহায় কৰিবলৈ আহ্বান জনায় ৷

By

Published : Apr 28, 2020, 12:08 PM IST

ৰঙিয়াৰ কণমানি হিমাশ্ৰীক সহায়ৰ প্ৰয়োজন
ৰঙিয়াৰ কণমানি হিমাশ্ৰীক সহায়ৰ প্ৰয়োজন

ৰঙিয়া, 28 এপ্ৰিল: ৰঙিয়াৰ দেউলকুছিৰ এটি দৰিদ্ৰ পৰিয়ালৰ কণমানি কন্যা সন্তান হিমাশ্ৰী দাসে জটিল ৰোগত ভুগিবলগীয়া হৈছে । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দ্বিজেন দাসৰ কন্যা হিমাশ্ৰীয়ে পখিলা খেদা বয়সতে এনেদৰে মগজুৰ জটিল ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটো গভীৰ চিন্তাত পৰিছে ।

ৰঙিয়াৰ কণমানি হিমাশ্ৰীক সহায়ৰ প্ৰয়োজন

ইতিমধ্যে হিমাশ্ৰীৰ চিকিৎসাৰ নামত পৰিয়ালটোৱে কষ্টোপাৰ্জিত সঞ্চিত ধনৰ লগতে ঘৰৰ বিভিন্ন সা-সামগ্ৰী বিক্ৰী কৰিছে। এতিয়া কন্যা শিশুটিৰ চিকিৎসাৰ বাবে প্ৰায় ৮-১০ লাখ টকাৰ প্ৰয়োজন। আৰ্থিক দৈনতাই পিছ নেৰা পৰিয়ালটোৰ বাবে এই বৃহৎ পৰিমাণৰ ধন যোগাৰ কৰাটো অসম্ভৱ হৈ পৰিছে।

সেইবাবে দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰৰ লগতে সহৃদয়ৱান ব্যক্তি তথা দল-সংগঠনক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়। কণমানি হিমাশ্ৰীক সহায় কৰিব বিচাৰিলে ইউকো বেংকৰ ৰঙিয়া শাখাৰ 07360110036778 নম্বৰ একাউণ্ট (IFSC CODE-UCBA0000736)ত ধন জমা দিব পাৰে অথবা 9613727479 নম্বৰত যোগাযোগ কৰিব পাৰে বুলি হিমাশ্ৰীৰ পিতৃ দ্বিজেন দাসে আহ্বান জনায় ।
লগতে পঢ়ক : সংকটত এছিয়াৰ বৃহত্তম কলৰ বজাৰখন

ABOUT THE AUTHOR

...view details