অসম

assam

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 9:52 PM IST

ETV Bharat / state

Sankardeva Sangha Rangia : শংকৰদেৱ সংঘৰ হালিকুছি প্ৰাথমিক শাখাৰ গুৰু আসন প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সমাপ্ত

অন্ত পৰিল ৰঙিয়াৰ হালিকুছি প্ৰাথমিক শাখাৰ বৰনামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷ মঙলবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা ৷

Sankardeva Sangha Rangia
শংকৰদেৱ সংঘৰ হালিকুছি প্ৰাথমিক শাখাৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস

শংকৰদেৱ সংঘৰ হালিকুছি প্ৰাথমিক শাখাৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস

ৰঙিয়া, 31 অক্টোবৰ : ৰঙিয়াৰ হালিকুছি প্ৰাথমিক শাখাৰ বৰনামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰা দুদিনীয়া অনুষ্ঠানৰ মঙলবাৰে অন্ত পৰে । প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি দিহা নামৰ প্ৰতিযোগিতা আৰু ভাগৱত পাঠৰ অন্তত দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণি হয় ভাগৱত শোভাযাত্ৰাৰে । অঞ্চলটোৰ প্ৰায় চাৰি শতাধিক ভক্তপ্ৰাণ ৰাইজে ভাগৱত ভ্ৰমণৰ সময়ত হৰিধ্বনিৰে পৰিবেশ মুখৰিত কৰি তোলে ।

শোভাযাত্ৰাৰ সময়ত প্ৰতিখন ঘৰৰ লোকে ৰাইজৰ পদধূলা আৰু আশীৰ্বাদ গ্ৰহণ কৰে । ইয়াৰ পাচত নামঘৰৰ বাকৰিত এখন ধৰ্মালোচনা সভাৰ আয়োজন কৰা হয় । ধৰ্মালোচনী সভাখনৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজি যাতে সকলোৰে মাজলৈ লৈ যাব পৰা যায়, তাৰ প্ৰয়াস কৰা হয় ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই আঁতধৰা অনুষ্ঠানটোত অঞ্চলটোৰ ৰাইজৰ লগতে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক আৰু কমল ডেকায়ো অংশগ্ৰহণ কৰে । আলোচনা সভাত গুৰুজনাৰ আদৰ্শৰ বিষয়ে আলোচনা কৰা হয় ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ভাষণত কয় যে গুৰুজনাই দেখুৱাই থৈ যোৱা পথ 'এক দেৱ এক সেৱ এক বিনে নাই কেৱ' সকলোৱে মানি চলা উচিত । গুৰুজনাই দেখুৱাই থৈ যোৱা পথেৰে সকলো লোক আগুৱাই গ’লে সমাজত শান্তি আৰু সম্প্ৰতি অক্ষুন্ন থাকিব বুলিও দোহাৰে পদাধিকাৰগৰাকীয়ে । আনহাতে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে কয় যে শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এক শৰণ নাম ধৰ্ম সমগ্ৰ বিশ্বতে প্ৰচাৰ হ’ব লাগে ৷ উল্লেখ্য যে, অনুষ্ঠানৰ লগত সংগতি ৰাখি নিশাৰ ভাগলৈ সমিতিৰ তৰফৰ পৰা নাগাৰা নামৰো ব্যৱস্থা কৰা হয় ।

লগতে পঢ়ক :Srimanta Sankaradev Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ লাইখুঁটা স্থাপনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details