ৰঙিয়া, 27 ফেব্ৰুৱাৰী : ইউক্ৰেইনত আৱদ্ধ ৰঙিয়া এগৰাকী যুৱতী (Manisha trapped in Ukraine) । ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা ইউক্ৰেইন(Russia Ukraine crisis) আৱদ্ধ হৈ আছে উজ হৰ্ট নেচনেল ইউনিভাৰ্চিটিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী তথা ৰঙিয়াৰ যুৱতী মনিষা ৱাহিদ । জীৱন ৰক্ষা কৰাৰ উদ্দেশ্যে ঘৰৰ ভিতৰতে নিজকে কেইবাদিনো ধৰি আৱদ্ধ কৰি ৰাখিছে মনিষা ।
খাদ্যৰ অভাৱত এসাঁজ খাই এসাঁজ লঘোনে থাকিবলৈ বাধ্য হৈছে অসমৰ পৰা যোৱা প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী । জানিব পৰা মতে, ধনৰ সংকটে দেখা দিছে ইউক্ৰেইনত । মৰণক শৰণ কৰি বেংকৰ এটিএমলৈ টকা বিচাৰি গৈছে বহু লোকে । কিন্তু টকা বিচাৰিলেও এটিএমৰ পৰা লাভ কৰিছে এদিনত পাঁচশ টকাৰ পৰা মাত্ৰ এহেজাৰ টকা ।
বহু লোকে প্ৰাণৰ মমতাত লঘোনে থাকিবলৈ বাধ্য হৈছে ।