ৰঙিয়া,23জুনঃ স্বচ্ছ ভাৰতৰ লক্ষ্যৰে দেশজুৰি আৰম্ভ হোৱা আন্দোলনৰ বিপক্ষে ৰঙিয়া পৌৰসভাৰ অবিবেচক কাণ্ড । ৰঙিয়া পৌৰসভাৰ সিদ্ধান্ততে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গঢ়ি উঠিছে জাবৰৰ পাহাৰ । ৰঙিয়া নগৰৰ সমগ্ৰ আৱৰ্জনা সমূহ নোনা নৈৰ দলঙৰ সমীপত জমা কৰি ৰখা হয় । ফলত ডাম্পিং গ্ৰাউডলৈ ৰূপান্তৰ ঘটিছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ ৷ ইপিনে পথৰ দাঁতিৰ এই জাৱৰৰ দমে দূষিত কৰিছে অঞ্চলটোৰ পৰিবেশ । জাৱৰৰ দমৰ পৰা ওলোৱা উৎকট দুৰ্গন্ধই বৃহত্তৰ অঞ্চলটোত জনস্বাহ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে । লগতে পোহনীয়া জীৱ জন্তুবোৰে জাবৰৰ দমত থকা পেলনীয়া বস্তু ভক্ষণ কৰাৰ ফলত বহকেইটা পশুধনৰো অকাল মৃত্যু হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
ৰঙিয়াত পথৰ দাঁতিত জাবৰৰ দম; কাণসাৰ নাই পৌৰসভাৰ - পৌৰসভা
ৰঙিয়া পৌৰসভাৰ সিদ্ধান্ততে ডাম্পিং গ্ৰাউডলৈ পৰিৱৰ্তন হৈছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ ৷ পথৰ কাষতে গঢ়ি উঠিছে ৰঙিয়া নগৰৰ সমগ্ৰ আৱৰ্জনাৰ পাহাৰ সদৃশ দম ৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই কৰ্মকাণ্ড বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷
ৰঙিয়াত পথৰ দাতিত জাবৰৰ দম; কাণসাৰ নাই পৌৰসভাৰ
উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে ৰঙিয়া পৌৰসভাৰ জাবৰ পেলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছে যদিও বৰ্তমানলৈকে পৌৰসভাই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । অতিশীঘ্ৰে স্থানীয় ৰাইজে ৰঙিয়া পৌৰসভাৰ অপৰিকল্পিত তথা জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই কৰ্মকাণ্ড বন্ধ কৰিবলৈ দাবী জনাইছে ।