ৰঙিয়া, 24 জুন :ৰাজ্যত অব্যাহত আছেবান বিভীষিকা । বছৰৰ বাৰিষাৰ প্ৰথমটো বানত এতিয়া ককবকাইছে হাজাৰ হাজাৰ ৰাইজ ৷ তথ্য অনুসৰি, শুকুৰবাৰলৈকে ৰাজ্যৰ মুঠ 19 খন জিলা বানত ক্ষতিগ্ৰস্ত হৈছে । চৰকাৰী হিচাপ মতে, ৰাজ্যখনৰ প্ৰথমটো বানত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে ৷ ৰাজ্যৰ কিছু কিছু বান শিবিৰত জীৱ-জন্তুৰ সৈতে বন্যাৰ্তই একেলগে সহাৱস্থান কৰিব লগাত পৰিছে ৷
ৰাজ্যৰ প্ৰথমটো বানত ৰঙিয়াৰ ভিন ভিন ক্ষেত্ৰ ইতিমধ্যে বুৰ গৈছে ৷ এমুঠি অন্নৰ বাবেও হাহাকাৰ কৰিব লগাত পৰিছে বন্যাৰ্তই ৷ জানিব পৰা মতে, বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও বলিয়া বানে ৰঙিয়াৰ চেনিমাৰা-বিহাপাৰা অঞ্চলত মূল পথচোৱা ছিগি লৈ যায় ৷ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷
পথটোৰ মাজেৰে প্ৰৱল সোঁতত পানী ব’বলৈ ধৰিছে ৷ ফলত অতি বিপজ্জনকভাৱে ৰাইজে যাতায়ত কৰিবলৈ বাধ্য হৈ পৰিছে । ইতিমধ্যে এই পথটোৰে যাতায়ত কৰাত বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । উক্ত পথটোৰে যাতায়ত কৰোতে বুধবাৰে বাইকসহ এগৰাকী যুৱকৰ পানীৰ সোঁতে উটুৱাই লৈ যায় । কিন্তু সৌভাগ্যক্ৰমে পথৰ দাঁতিত সুৰক্ষাৰ বাবে পুঁতি থোৱা বাঁহৰ খুঁটাত ধৰি যুৱকজনে কোনোমতে প্ৰাণ ৰক্ষা কৰে ৷