ৰঙিয়া, 26 জানুৱাৰী :আজি সমগ্ৰ দেশেতেই পালন কৰা হৈছে গণৰাজ্য দিৱস । দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াবাসীয়েও পালন কৰিছে ৭২ তম গণৰাজ্য দিৱস । গণতন্ত্ৰ দিৱস উপলক্ষে কেইজনমান যুৱকে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চ‘ছাইটি চ'কত ৭৫ ফুট দৈৰ্ঘ্য আৰু ৪৫ ফুট প্ৰস্থৰ সুবিশাল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে ।
ৰঙিয়াত ৭৫ ফুট দৈৰ্ঘ্য আৰু ৪৫ ফুট প্ৰস্থৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন
সমগ্ৰ দেশৰ লগতে ৰঙিয়াবাসীয়েও পালন কৰিছে ৭২ তম গণৰাজ্য দিৱস । ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চ‘ছাইটি চ'কত উত্তোলন কৰা হয় ৭৫ ফুট দৈৰ্ঘ্য আৰু ৪৫ ফুট প্ৰস্থৰ সুবিশাল ৰাষ্ট্ৰীয় পতাকা ৷
ৰঙিয়াত ৭৫ ফুট দৈৰ্ঘ্য আৰু ৪৫ ফুট প্ৰস্থৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন
দুখন ক্ৰেনেৰে ধৰি ৰখা বিশাল পতাকাখন ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱা যাত্ৰীয়ে এখন্তেক ৰৈ হলেও চাই গৈছে । কোনোৱে আকৌ চেল্ফি লৈছে বিশাল পতাকাখনৰ লগত । দেশভক্তিৰ গীতেৰে উখল মাখল হৈ উঠিছে সমগ্ৰ পৰিৱেশ । ৰঙিয়াত গণৰাজ্য দিৱসৰ কেন্দ্ৰবিন্দু হৈ পৰা পতাকাখন কাউৰবাহাৰ জমছেদ আলী নামৰ ব্যৱসায়ী এগৰাকীয়ে কেইজনমান যুৱকৰ সহযোগত উক্ত স্থানত উত্তোলন কৰিছে ।
লগতে পঢ়ক: দেশজুৰি পুনৰ ঘোষণা হ‘ব পাৰে লকডাউন !