অসম

assam

By

Published : Sep 26, 2019, 5:17 PM IST

ETV Bharat / state

বৰলীয়া নৈৰ খহনীয়াই ভাবুকি মাতিছে ভাৰত-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথলৈ

ৰঙিয়াত বৰলীয়া নৈৰ খহনীয়াৰ কাল ৰূপ ৷ যাৰ বাবে ২০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান নৈখনত জাহ যোৱাৰ উপক্ৰম হৈছে । লগতে নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথলৈ ৷

ৰঙিয়াত বৰলীয়া নৈৰ খহনীয়াৰ কাল ৰূপ

ৰঙিয়া,26ছেপ্টেম্বৰ : বৰলীয়া নৈৰ ভয়াবহ গৰাখহনীয়াৰ বাবে ৰঙিয়াৰ ব্যৱসায়িক কেন্দ্ৰস্থলী বাছ আস্থানত ২০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । ভংয়কৰ খহনীয়াৰ তাণ্ডৱত আংতকিত হৈ পৰিছে অঞ্চলটোৰ ব্যৱসায়ীসকল ।

ৰঙিয়াত বৰলীয়া নৈৰ খহনীয়াৰ কাল ৰূপ

আনহাতে,ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ দেৱাল, চিলিংসমূহ চিৰাল ফাট মেলি ভাঙি পৰিছে । আনহাতে খহনীয়াৰ প্ৰকোপে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথলৈও ভাবুকি কঢ়িয়াই আনিছে । অতিশীঘ্ৰে গৰাখহনীয়া ৰোধ নকৰিলে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটোও নৈৰ বুকুত জাহ যাব । কিন্তু ইমানৰ পাচতো কাণসাৰ নাই জলসম্পদ বিভাগ অথবা বিভাগীয় কৰ্তৃপক্ষৰ । ইপিনে বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে চাওক : ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহঃ কোনে কাক টিকট দিব?

ABOUT THE AUTHOR

...view details