ৰঙিয়া, ৩০ এপ্ৰিল: মৰণফান্দ সদৃশ হৈ পৰিছে ৰঙিয়া নগৰৰ পদপথ । পৌৰসভাই কামৰ দায়িত্ব দিয়া ঠিকাদাৰে পথৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে হাৰাশাস্তি ভূগিছে পথচাৰীয়ে । যোৱা ১০ ফেব্ৰুৱাৰীত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই SOPDৰ অধীনত পথটিৰ উন্নীতকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ।
ঠিকাদাৰে পদপথ আৰু নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিলে ঠিকেই । কিন্তু কাম আধাতে এৰি এতিয়া বিপদত পেলাইছে অঞ্চলবাসীক । ওণ্ড অন টি ৰোডৰ পৰা শিৱ মন্দিৰলৈ যোৱা পথত ৰঙিয়া থানাৰ সমীপত উক্ত পথটোৰ সৈতে সংযুক্ত দুটাকৈ উপ-পথেৰে যাতায়াত বৰ্তমান ব্যাহত হৈ পৰিছে ।