ৰঙিয়া, 29 আগষ্ট :ৰঙিয়া স্বাস্থ্যখণ্ডৰ অধীনৰ জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪৪ নং জয়ন্তীপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ক'ৰণা প্ৰতিষেধক কেন্দ্ৰত শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কেন্দ্ৰটোত ভেকচিন গ্ৰহণ কৰিবলৈ যোৱা লোকৰ পৰা ১০ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে । কোনো লোকে ভেকচিনৰ বাবদ টকা দিবলৈ অমান্তি হ’লে ভেকচিন অবিহনেই উভতাই পঠিওৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।
জয়ন্তীপুৰৰ চৰকাৰী গাঁওবুঢ়া আৰু আশাকৰ্মীসকলে কেন্দ্ৰত ভেকচিনৰ বাবদ মইমতালিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে । ইয়াকে কেন্দ্ৰ কৰি ৪৪ নং জয়ন্তীপুৰ নিম্ন বুনিয়াদী বিদ্যালয় ক'ৰণা প্ৰতিষেধক কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । প্ৰতিবাদ কৰা লোকক ধন সংগ্ৰহ কৰা দালালে সকিয়নী দিয়াৰো অভিযোগ উত্থাপন হৈছে ।